Teenage girl kidnaped : মহাৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা কিশোৰীক উদ্ধাৰ আৰক্ষীৰ

নিউজ ডেস্ক,৮জুন : মহাৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা কিশোৰীক উদ্ধাৰ আৰক্ষীৰ। ৰৌতা আৰক্ষীয়ে অতি তৎপৰতাত মহাৰাষ্ট্ৰৰ পৰা উদ্ধাৰ কৰে অপহৃত কিশোৰীগৰাকীক। আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে অভিযুক্ত মাহীয়েক(Teenage girl kidnaped )।
উল্লেখ্য যে, ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত আমিনপাৰা গাঁৱত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা।
যোৱা ২৫ মে’ত স্বগৃহৰ পৰা বিদ্যালয়লৈ ওলাই যোৱাৰ পাছতে সন্ধানহীন হৈছিল ১৩ বছৰীয়া কিশোৰীগৰাকী। ইয়াৰ পিছতে পৰিয়ালৰ মাজত হুৱাদুৱা লাগে আৰু বিভিন্ন ঠাইত সন্ধান কৰিও কিশোৰীগৰাকীৰ কোনো সন্ধান নোলোৱাত চিন্তিত হৈ পৰে(Woman kidnapper arrested in Maharashtra)।
তাৰ মাজতে কিশোৰীগৰাকীৰ মাহীয়েক ছাৰজিনা বেগম নামৰ মহিলাগৰাকীয়ে কিশোৰীগৰাকীক মহাৰাষ্ট্ৰলৈ লৈ যোৱাৰ খবৰ নাভ কৰে। এই খবৰ লাভ কৰা মাত্ৰকে পৰিয়ালৰ লোকে তেওঁৰ সৈতে বাৰে বাৰে যোগাযোগৰ চেষ্টা কৰিও ব্যৰ্থ হয়। উপায়ন্তৰ হৈ পৰিয়ালটো আৰক্ষীৰ কাষ চাপে। পৰিয়ালৰ লোকে ছাৰজিনা বেমগৰ বিৰুদ্ধে ৰৌতা থানাত কিশোৰীগৰাকীক অপহৰণৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযান আৰম্ভ কৰে।
ৰৌতা আৰক্ষীয়ে এই ক্ষেত্ৰত সহায় লয় মহাৰাষ্ট্ৰৰ আৰক্ষীৰ। মহাৰাষ্ট্ৰৰ থানে জিলাৰ ক’লৱা আৰক্ষীয়ে প্ৰথমে কিশোৰীগৰাকীক উদ্ধাৰ কৰে আৰু মহিলাগৰাকীক আটক কৰে। পিছত ৰৌতা আৰক্ষীৰ এটা দল গৈ কিশোৰী আৰু মহিলাগৰাকীক নিজৰ জিম্মাত লয়।
ৰৌতা আৰক্ষীে ৬৬/২৪ নম্বৰত এক গোচৰত ভাৰতীয় দণ্ডবিধিৰ ৩৬৫ ধাৰাত অপহৰণ কাণ্ডৰে জড়িত ছাৰজিনা বেগমক কাৰাগাৰলৈ নিক্ষেপ কৰে। ইয়াৰ পিছতে এতিয়া ছাৰজিনা বেগমক কঠোৰ শাস্তি দিয়াৰ দাবী উঠিছে। লগতে তেওঁ কি কাৰণত এই ঘটনা সংঘটিত কৰিলে তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। মানৱ সৰবৰাহৰ সৈতেও তেওঁ জড়িত নেকি সেই বিষয়েও সঠিক তদন্তৰ দাবী উত্থাপন হৈছে।