Local, Vocal, Global

Teen missing while bathing in Kopili River : কপিলী নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ

কামপুৰ, ১৭ মাৰ্চ : কামপুৰৰ কপিলী নদীত অঘটন । গা ধুবলৈ গৈ দুই কিশোৰ সন্ধানহীন(Teen missing while bathing) ।

দেওবাৰে সংঘটিত হৈছে এই ঘটনাটো । দেওবাৰে দুই কিশোৰে গা ধুবলৈ গৈছিল কপিলী নদীত। কিন্তু গা ধুবলৈ যোৱা সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।

গা ধুবলৈ গৈ সন্ধাহীন হয় কিশোৰ দুজন । নিৰুদ্দিষ্ট কিশোৰ দুজনৰ ঘৰ কামপুৰৰ চৰাইহাগীত বুলি জানিব পৰা গৈছে ।

সন্ধাহীন কিশোৰ দুজনৰ নাম মানস বৰুৱা আৰু অমৰ জ্যোতি বৰুৱা(Teen missing while bathing in Kopili River) ।

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত SDRFৰ দল ৰাওনা হয় আৰু অভিযান আৰম্ভ কৰে । লগতে নৈৰ বুকুত নাওঁ লৈ অভিযান চলাই স্থানীয় লোকে । ঘটনাস্থলীত উপস্থিত কামপুৰ আৰক্ষী ।

লগতে পঢ়ক : Drugs Peddler Arrested : কৰিমগঞ্জৰ চুৰাইবাড়ীত প্ৰায় চাৰে ছয় কোটি টকাৰ ড্ৰাগছ জব্দ