Local, Vocal, Global

Teen missing in Rangia : ৰঙিয়াত পুনৰ সন্ধানহীন ১৬ বছৰীয়া কিশোৰ

ৰঙিয়া,৩১মাৰ্চ : ৰঙিয়াত দৈনিক সংঘটিত হবলৈ ধৰিছে এটাৰ পিছত এটাকৈ নিৰোদ্দেশৰ ঘটনা। ৰঙিয়াত পুনৰ সন্ধানহীন সপ্তম শ্ৰেণীত অধ্যয়নৰত এটি ১৬ বছৰীয়া কিশোৰ। বজালী জিলাৰ টংলা টালতালৰ প্রানজিত বর্মন নামৰ কিশোৰ জনে ২৭ মাৰ্চত ঘৰৰ পৰা ওলাই অহাৰ পিছতে সন্ধানহীন হৈ পৰে(Teen missing in Rangia)।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ভবানীপুৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰৰ লোকে। সন্ধানহীন কিশোৰ জনক লৈ পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে ।উল্লেখ্য যে ঘৰৰ পৰা কিশোৰ জনে কাম কৰাৰ উদ্দেশ্যৰে ওলাই আহিছিল ৰঙিয়ালৈ। ৰঙিয়াত এজন বৃদ্ধ দোকানীয়ে নিশাটো থকাৰ বাবে নিজ ঘৰত আশ্ৰয় দিছিল। বৃদ্ধ লোক জনক কাম বিচাৰি দিয়াৰ কথাও কৈছিল কিশোৰ জনে।

বৃদ্ধ দোকানী অজিতৰ ৰহমানৰ মোবাইলৰে ঘৰত ফোনো কৰিছিল কিশোৰ জনে। কিন্তু বৃহস্পতিবাৰে পুৱা বৃদ্ধ লোকজনৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত এতিয়ালৈকে কোনো সন্ধান নাই কিশোৰ প্রানজিত বর্মনৰ। পৰিয়ালৰ লোকে সন্ধানহীনৰ ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীকো সদৰী কৰিছে বুলি প্ৰকাশ কৰে।

লগতে পঢ়ক :Dead body recovered : নলাত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ