Teen Found Dead In Lucknow: প্ৰথমে ধৰ্ষণ তাৰ পাছত হাতুৰীৰে কোবাই হত্যা

নেশ্যনেল ডেস্ক, ৯জুন : গাৰ নোম শিয়ৰি উঠা এক ঘটনা। মানুহ কিমান জঘন্য হব পাৰে তাৰে আন এক উদাহৰণ। পুনৰ পোহৰলৈ আহিছে আন এক জঘন্য দলৱদ্ধ ধৰ্ষণৰ ঘটনা। লক্ষ্ণৌৰ ইন্দিৰা নগৰত সংঘটিত হৈছে এক ঘৃণণীয় ধৰ্ষণৰ ঘটনা। যি ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এজন যুৱকে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হাতুৰিৰে কোবাই হত্যা কৰে(14 year girl allegedly raped and murdered) ।
আৰক্ষীৰ ভাষ্য অনুসৰি, বৃহস্পতিবাৰে ঘৰত অকলসৰে আছিল কিশোৰীগৰাকী,পিতৃ-মাতৃ দোকানলৈ গৈছিল ।আৰু তেনে সময়তে প্ৰায় ১:০০ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত কিশোৰীগৰাকীৰ ঘৰত প্ৰৱেশ কৰিছিল অভিযুক্তই । কিশোৰীগৰাকীৰ ঘৰত সোমাইয়েই অকলসৰে থকা দেখি কিশোৰীগৰাকী যৌন নিৰ্যাতন চলাইছিল যুৱক জনে। কেৱল ইমানতেই ক্ষান্ত নাথাকে মানৱৰূপী দানৱ জনে। ইয়াৰ পিছতে হাতুৰীৰে কোবাই কোবাই হত্যা কৰে কিশোৰীগৰাকীক।তাৰ পাছত কিশোৰীৰ মৃতদেহটো কোঠাৰ ভিতৰত ওলোমাই থৈ পলায়ন কৰে অভিযুক্তই(Teen Found Dead In Lucknow)। অভিযুক্ত গৰাকীৰ নাম শ্বাহিদ বুলি জানিব পৰা গৈছে ।
আৰক্ষীয়ে জনোৱা অনুসৰি, দুপৰীয়া সময়ত কিশোৰী গৰাকীৰ মাকে দোকানৰ পৰা ঘৰলৈ উভতি আহি বাৰাণ্ডাত প্ৰত্যক্ষ কৰিছিল শ্বাহিদক।মাকক দেখি পলায়ন কৰে শ্বাহিদে। তাৰ পাছতে মাকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি প্ৰত্যক্ষ কৰে ছোৱালীজনীৰ ওলোমাই থকা মৃতদেহ । আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে,আৰক্ষীয়ে খবৰ পায় ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু অভিযুক্ত শ্বাহিদক গ্ৰেপ্তাৰ কৰে । প্ৰাপ্ত তথ্য অনুসৰি,অভিযুক্ত জন কিশোৰ। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত শ্বাহিদক জেৰা কৰি খোধা পোছা আৰম্ভ কৰিছে।কিন্তু শ্বাহিদে কিয় এনে নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই । লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : Girl rescued from borewell dies : কুঁৱাত পৰি মৃত্যু আঢ়ৈ বছৰীয়া শিশুকন্যাৰ