Tear gas shelling at borders as farmers march toward Delhi : প্ৰতিবাদকাৰী কৃষকসকলৰ ‘দিল্লী চলো’ পদযাত্ৰা; সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : বুধবাৰে পুনৰ ৰাষ্ট্ৰীয় ৰাজধানীলৈ প্ৰতিবাদকাৰী কৃষকসকলে ‘দিল্লী চলো’ পদযাত্ৰা আৰম্ভ কৰে । এইবাৰ পূৰ্বতকৈ অধিক আগ্ৰাসী ৰূপ ধাৰণ কৰিছে প্ৰতিবাদকাৰী কৃষকসকল। ইয়াৰ পৰিপ্ৰেক্ষিতত চহৰখনৰ সীমান্তত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা,কৃষকসকলক বাধা প্ৰদান কৰিবলৈ মোতায়েন কৰা হৈছে অৰ্ধ সামৰিক বাহিনী । কোনো কাৰণতে যাতে কৃষকসকল ৰাজধানীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষা কৰ্মীসকলক কঠোৰ নিৰ্দেশ দিয়া হৈছে(Tear gas shelling at borders as farmers march toward Delhi)।
আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰে প্ৰতিবাদকাৰী কৃষকক নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰিছে। কিন্তু তাৰ পাছতো স্তব্ধ কৰিব পৰা নাই কৃষকসকলক। ট্ৰেক্টৰৰ সৈতে আগবাঢ়িছে কৃষকসকল।
আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ পৰা ৰক্ষা পাবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।এই একে ব্যৱস্থাৰেই আৰক্ষীয়ে নিক্ষেপ কৰা পানী হিলৈৰ পৰাও ৰক্ষা পৰিছে। ইয়াৰোপৰি আৰক্ষীৰ বেৰিকেড ভাঙিবলৈ কৃষকসকলে লগত আনিছে জেচিবি।আনহাতে কৃষকসকলৰ দিল্লী চলো অভিযান ব্যৰ্থ কৰিবলৈ আৰক্ষী তথা সুৰক্ষা কৰ্মীয়েও বিভিন্ন পন্থা হাতত লৈছে।
এনে পৰিস্থিতিত গৃহ মন্ত্ৰণালয়ে হাৰিয়ানা চৰকাৰক আন্দোলন প্ৰতিহত কৰিবলৈ অত্যাধিক কঠোৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ প্ৰদান কৰিছে। একেই নিৰ্দেশ প্ৰদান কৰা হৈছে পঞ্জাৱৰ মুখ্য সচিবকো।কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত হাৰিয়ানাৰ ডিজিপিয়ে কয়, যদি কৃষকসকলে বলপূৰ্বক বেৰিকেড ভাঙিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ বাহিৰে আৰক্ষীৰ ওচৰত আন কোনো বিকল্প নাথাকিব। ইয়াৰোপৰি তেওঁ মহিলা, শিশু আৰু জ্যেষ্ঠ নাগৰিকসকলক এই আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে(Another round of tear gas fired at Shambhu border as Centre invites farmers for talks)।
ইতিমধ্যে কৃষক সংগঠনৰ নেতা আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে ৫ খন বৈঠক অনুষ্ঠিত হৈছে যদিও ব্যৰ্থ হৈছে ৫খন বৈঠক । কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে আন্দোলনকাৰীৰ সৈতে বৈঠকত মিলিত হৈ সমাধান সূত্ৰ উলিয়াবলৈ চেষ্টা কৰিছে যদিও ব্যৰ্থ হৈছে।