Local, Vocal, Global

Team India returns home with T20 World Cup trophy: T20 বিশ্বকাপৰ ট্ৰফী লৈ মাতৃভূমিত উপস্থিত টীম ইণ্ডিয়া

স্পৰ্ট ডেস্ক, ৪ জুলাইঃ হাতত টি-২০ বিশ্বকাপ ট্ৰফী লৈ বৃহস্পতিবাৰে পুৱাই গৃহভূমিত উপস্থিত হয় বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়া। বৃহস্পতিবাৰে পুৱা দিল্লী বিমান বন্দৰত উপস্থিত হয় বিশ্বকাপ জয়ী ভাৰতীয় ক্ৰিকেট দলটো।

বিমান বন্দৰত টি-২০ বিশ্বকাপৰ খিতাপ বিজয়ী টীম ইণ্ডিয়াৰ খেলুৱৈসকলক উষ্ম আদৰণি জনাই।বিমান বন্দৰ পৰা দলটো পোনে পোনে ITC মৌৰ্য হোটেললৈ ৰাওনা হয়(Team India returns home with T20 World Cup trophy)।

হোটেলত কিছু সময় বিশ্ৰামৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহলৈ গমন কৰে টীম ইণ্ডিয়াৰ দলটোৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰি অভিনন্দন জনায় টীম ইণ্ডিয়াক। এই কাৰ্যসূচী সম্পন্ন কৰিয়েই দিল্লীৰ পৰা মুম্বাই অভিমুখে উৰা মাৰে দলটোৱে।

উল্লেখ্য যে বি চি চি আয়ে মুম্বাইত আয়োজন কৰিছে বিশ্বকাপ জয়ৰ কেতবোৰ কাৰ্যসূচী। এই কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫-০০ বজাত নাৰিমনৰ পৰা খোলা বাছেৰে ৱাংখাড়ে ষ্টেডিয়ামলৈ ২ কিলোমিটাৰ জোৰা বিজয়যাত্ৰাত ভাগ ল’ব খেলুৱৈসকলে।

ইতিমধ্যে বিজয় যাত্ৰাত ৰোহিত বাহিনীক আদৰিবলৈ সাজু হৈছে অনুৰাগী। এই কাৰ্যসূচী সামৰি উঠাৰ পাছতে বি চি চি আই কৰ্তৃপক্ষই টীম ইণ্ডিয়াৰ হাতত অৰ্পণ কৰিব ১২৫ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ। ইয়াৰ বিপৰীতে ৰোহিত শৰ্মাই সন্ধিয়া ৭-০০ বজাত ব’ৰ্ডৰ সচিব জয় শ্বাহৰ হাতত তুলি দিব বিশ্বকাপৰ ট্ৰফী(T20 World Cup champions return home)।

লগতে পঢ়ক :51 foot statue of sage Parshuram to come up on holy river bank in Arunachal : অৰুণাচল পৰ্যটন উদ্যোগৰ বাবে সুখবৰ