Team from Himachal Pradesh visits Assam to study innovative initiatives : দেওবাৰে গুৱাহাটীত উপস্থিত হয় হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰ সহ ৰাজ্যখনৰ শিক্ষা বিভাগৰ ১৩ জনীয়া দল
নিউজ ডেস্ক,২৯জুলাই : দেওবাৰে গুৱাহাটীত উপস্থিত হয় হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰ সহ ৰাজ্যখনৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ এটা ১৩ জনীয়া দল এটা । অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত ধাৰণা লোৱা উদ্দেশ্যে গুৱাহাটীত উপস্থিত হয় দলটো ।
দলটো গুৱাহাটীত উপস্থিত হোৱা পাছতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ বিষয়া সকলে জনতা ভৱনত এখন বৈঠকৰ আয়োজন কৰে। সভা প্ৰথমে হিমাচল প্ৰদেশৰ শিক্ষা বিভাগৰ বিষয়াসকলে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে এক বাখ্যা দাঙি ধৰে(Team from Himachal Pradesh visits Assam to study innovative initiatives)।
ইয়াৰ পিছতে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ শিক্ষা বিভাগত ৰূপায়ণ হৈ থকা শিক্ষাসেঁতু এপ, গুণোৎসৱ, শিক্ষক-শিক্ষয়িত্ৰীৰ অনলাইন বদলীকৰণ, আৰোহণ, সমৰ্থ পোৰ্টেল, টেলী ক্লাছৰূমকে ধৰি চাহ বাগিচা এলেকাত শিক্ষাৰ মান উন্নীতকৰণৰ অৰ্থে নতুন বিদ্যালয় স্থাপন আদি ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে।
জানিব পৰা মতে, হিমাচল প্ৰদেশৰ মন্ত্ৰী ৰোহিত ঠাকুৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ব্যৱস্থা সমূহৰ শলাগ লয় । এই এপৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বৰ তুলনাত অদৃশ্য ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰি মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্মৰ বাবদ ২০০ কোটি টকা বছৰি ৰাহি কৰা বুলি জানিব পাৰি বিভাগীয় মন্ত্ৰী পেগুক প্ৰশংসা কৰে(Team from Himachal Pradesh visits Assam to study innovative initiatives)।