Local, Vocal, Global

Tea Workers Protest In Jamugurihat : অসম চাহ মজদুৰ সংঘৰ উদ্যোগত বুধবাৰে ৰাজ্যজুৰি চাহ শ্ৰমিকৰ ধৰ্ণা কাৰ্যসূচী

জামুগুৰিহাট,১০জুলাই : অসম চাহ মজদুৰ সংঘৰ উদ্যোগত বুধবাৰে ৰাজ্যজুৰি প্ৰাপ্য বঞ্চিত চাহ শ্ৰমিকে গ্ৰহণ কৰিছে ধৰ্ণা কাৰ্যসূচী ।

আজি ৰঙাপৰাৰ বিভিন্ন বাগিচাই বাগিচাই অসম চাহ মজদুৰ সংঘই ধৰ্ণা কাৰ্য্যসূচী ৰূপায় কৰে ৷ চাহ শ্ৰমিকৰ সকলৰ বিভিন্ন সমস্যা সমাধানৰ হেতু ৯ দফিয়া দাবীৰে ১ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ন কৰে অসম চাহ মজদুৰ সংঘই(Tea Workers Protest In Jamugurihat) ৷

‘শ্ৰমিকক বঞ্চনা নকৰিব,’ ‘শ্ৰমিকক উপযুক্ত পৰিশ্ৰামিক দিয়ক,’ ‘চিকিৎসা সুবিধা প্ৰদান কৰক’ শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে । অসম চাহ মজদুৰ সংঘই বাগিচা কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰে তেওঁলোকক কৰি অহা বঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

চাহ শ্ৰমিকসকলে পষেকীয়া, মাহেকীয়া দৰমহাৰ লগতে ৰেচম, চিকিৎসা সেৱা বছৰ বছৰ ধৰি অনিয়মিতভাৱে প্ৰদান কৰি অহাৰ লগতে ভৱিষ্যনিধি, গ্ৰেচুইটীৰ ধন শীঘ্ৰে মোকলাই দিয়াৰ দাবী তোলে প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা ৷ ইয়াৰ লগতে বাগিচাৰ শ্রম আইন সম্পূৰ্ণৰূপে কাৰ্যকৰী নকৰাৰ অভিযোগ তুলি কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে সংগঠনটোৱে ।

লগতে পঢ়ক : Marksheet Scam: এইবাৰ নগাঁৱৰ ধিঙত পোহৰলৈ আহিছে মাৰ্কশ্বীট জালিয়াতিৰ তথ্য