Local, Vocal, Global

Tea worker injured in accident at Moriani : মৰিয়নী দিচৈ চাহ বাগিচাত কৰ্মৰত অৱস্থাত ঘাঁহ কটা মেচিন পৰি আঘাতপ্ৰাপ্ত শ্ৰমিক

মৰিয়নী, ৭নৱেম্বৰ : পুনৰ মৰিয়নীৰ চাহ বাগিচাৰ কলঘৰত অঘটন । মৰিয়নী দিচৈ চাহ বাগিচাত কৰ্মৰত অৱস্থাত ঘাঁহ কটা মেচিন (জংঘল জিম) পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিক ৷ আহত শ্ৰমিকজনৰ নাম ৰুহিত তাঁতী(Tea worker injured in accident at Moriani) ৷

জানিব পৰা মতে, ৰুহিত তাঁতীয়ে বাঁও ভৰি আৰু বাঁও হাতত আঘাত পায় ৷ আহত শ্ৰমিকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

শ্ৰমিকজনে উল্লেখ কৰা অনুসৰি, মঙলবাৰে পুৱাৰ ভাগত কাম কৰি থকা অৱস্থাতে কলঘৰৰ ভিতৰত থকা ঘাঁহ কটা এটা মেচিন বাগৰি পৰে শ্ৰমিকজনৰ গাত । কোনোমতে প্ৰাণ ৰক্ষা পৰে কলঘৰত কৰ্মৰত শ্ৰমিকজনৰ । অৱশ্যে শ্ৰমিকজনে হাত আৰু ভৰিত আঘাত পাই ৷ বৰ্তমান আহত শ্ৰমিকজনৰ স্বাস্থ্য কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, যোৰহাট জিলা অন্তৰ্গত তিতাবৰ আৰু মৰিয়নী চাহ বাগিচা কলঘৰত কৰ্মৰত অৱস্থাত কেবাজনো শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লগতে এজন শ্ৰমিকে চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোঁৱালি ল’ব লগাত পৰিছিল ৷ ইমানৰ পিচতো বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলৰ নিৰাপত্তা দিশটোৰ প্ৰতি ভেঙুচালি কৰি অহা গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ যাৰ ফলতে দিচৈ চাহ বাগিচাৰ কলঘৰত এনেধৰণ ঘটনা সংঘটিত হ’বলৈ পালে বুলি অভিযোগ কৰে একাংশ লোকে ৷

লগতে পঢ়ক : Mizoram Assembly Elections 2023 : পুৱা ১১ বজালৈকে মিজোৰামত ২৬.৪৩% ভোটদান