Local, Vocal, Global

Tea garden workers protest at Burrapahar : কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

নিউজ ডেস্ক,২৫জুলাই : বৃহস্পতিবাৰে কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি ৷ দৈনিক পুৱা আঠ বজাৰ পৰা পাততোলাৰ নিৰ্দেশ আছে যদিও নিৰ্দিষ্ট সময়তকৈ কেইমিনিটমান পলমকৈ কামত উপস্থিত হোৱাত মহিলা শ্ৰমিকসকলৰ কাম বন্ধ কৰে বাগিচা কৰ্তৃপক্ষই(Protest in Kaliabor) ৷

এই ঘটনাৰ পিচতেই উদ্ভৱ হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ এই কাৰ্যত বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে ৷ পৰৱৰ্তী সময়ত বাগিচাৰ আন শ্ৰমিকেসকলেও এই প্ৰতিবাদত যোগ দিয়ে ৷

চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ৰমিকসকলে বিভিন্ন অভাৱ-অভিযোগ পূৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে থকা চাহ বাগিচাখনত প্ৰায়ে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় ৷ সেইবাবে বিয়লি দেৰিলৈকে কাম কৰিবলৈ শ্ৰমিকসকলক বাগিচা কৰ্তৃপক্ষই প্ৰয়োজনীয় সুৰক্ষাৰ ব্যৱস্থাও নকৰাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ৷ তদুপৰি জৰাজীৰ্ণ ঘৰত বসবাস কৰি থকা বুলি অভিযোগ কৰি প্ৰতিবাদী শ্ৰমিকসকলে বিশুদ্ধ খোৱা পানী, উপযুক্ত বাট-পথৰ অভাৱ পূৰণৰ দাবী জনায় ৷

উল্লেখ্য যে, শ্ৰমিকসকলৰ এই সমস্যাসমূহ সমাধানৰ বাবে দীঘলীয়া সময়ৰ পৰা দাবী তথা প্ৰতিবাদ জনাই আহিছিল ৷ কিন্তু বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলৰ এই দাবীৰ প্ৰতি কোনো কানসাৰ দিয়া নাছিল ৷ সেয়েহে আজি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত শ্ৰমিকসকলে(Tea garden workers protest at Burrapahar) ৷

আজিৰ প্ৰতিবাদৰ মাজতে বাগিচা কৰ্তৃপক্ষই এই সকলোবোৰ দাবী এসপ্তাহৰ ভিতৰত পূৰ্ণ কৰা আশ্বাস দিয়ে যদিও শ্ৰমিকসকলে মানি নলৈ প্ৰতিবাদ চলাই নিয়ে ৷ আনহাতে প্ৰতিবাদস্থলীত চাহ মজদুৰ সংঘৰ প্ৰতিনিধি উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে শ্ৰমিকৰ অসুবিধাসমূহ নিৰীক্ষণ কৰিবলৈ শ্ৰম পৰিদৰ্শকক দাবী জনাই ৷ লগতে আজিৰ দিনটোৰ মজুৰীও শ্ৰমিকসকলক প্ৰদান কৰিবলৈ দাবী জনাইছে চাহ মজদুৰ সংঘৰ প্ৰতিনিধিয়ে ৷

লগতে পঢ়ক : Drowning incident in Tinsukia : শদিয়াৰ কুণ্ডিল নদীৰ বুকুত অঘটন