Watch | Tea garden workers hold sit-in in Sonari: সোণাৰিত চাহ বাগিচা শ্ৰমিকৰ ধৰ্ণা কাৰ্যসূচী পালন
সোণাৰি: সোণাৰিত চাহ বাগিচা শ্ৰমিকৰ ধৰ্ণা কাৰ্যসূচী পালন। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা, চাহ শ্ৰমিক সকলে বসবাস কৰা মাটিৰ পট্টা প্ৰদান কৰাকে আদি কৰি মুঠ ১১ টা দাবীৰ সমৰ্থনত ৰূপায়ন কৰা হয় এই কাৰ্যসূচী। অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখাৰ আহ্বান মৰ্মে শাখা সংঘৰ অন্তৰ্গত বিভিন্ন বাগিচাত পুৱা ৭ বজাৰ পৰা বাগিচাৰ শ্ৰমিক সকলে ৰূপায়ন কৰে এঘন্টিয়া ধৰ্ণা কাৰ্যসূচী। প্ৰতিখন চাহ বাগিচাৰ কাৰ্য্যালয়ৰ সন্মুখত পালন কৰা হয় ধৰ্ণা কাৰ্যসূচী।