Tea factory employee kidnapped in Tinsukia: বিগত ৯ দিনে সন্ধানহীন গৌতম বসুমতাৰী
নিউজ ডেস্ক,২নৱেম্বৰ : বিগত ৯ দিনে সন্ধানহীন তিনিচুকীয়া জিলাৰ জাগুনৰ ১০ মাইলস্থিত ৰাধা চেতিয়াৰ মালিকাধীন হিমালয়ান টি কোম্পানী নামৰ চাহ উদ্যোগৰ মহৰী গৌতম বসুমতাৰীৰ।২৩ অক্টোবৰৰ নিশা প্ৰায় ১০ বজাত জাগুনৰ উক্ত চাহ ফেক্টৰীটোৰ পৰাই ৫-৬ জনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰি লৈ গৈছিল গৌতমক।২৩অক্টোবৰৰ পৰা আজিলৈ কোনো সন্ধান নাই গৌতম বসুমতাৰীৰ।
ঘটনাটোৱে ৯ দিন অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত কোনো বিদ্ৰোহী সংগঠনেও দায়িত্ব স্বীকাৰ কৰা নাই(Tea factory employee kidnapped in Tinsukia)।
বৰ্তমান এই ঘটনাই সমগ্ৰ তিনিচুকীয়া জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইফালে গৌতম বসুমতাৰীৰ সন্ধান নোলোৱাত দুখত ভাগি পৰিছে পৰিয়ালৰ লোকসকল । উপাৰ্জনৰ একমাত্ৰ ভৰসা গৌতমৰ নিৰুদ্দেশে পৰিয়ালটোক সমস্যাত পেলাইছে । যাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে আৰক্ষীক শীঘ্ৰে গৌতমক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে । লগতে কোনো বিদ্ৰোহী সংগঠন যদি এই ঘটনাত জড়িত আছে শীঘ্ৰে তেওঁক মুক্তি দিবলৈও কাতৰ আহ্বান জনাইছে গৌতমৰ পৰিয়ালে।
লগতে পঢ়ক :Tragic road accident in Guwahati : বলেৰ’ পিক্আপ বাহনে মহটিয়াই নিয়ে অটোক;নিহত এজন,আহত এজন