Tax Raids Continue in Odisha : ওড়িশাত আয়কৰ বিভাগৰ অভিযান ; অভিযানত জব্দ ৪৬ কোটি টকা
নেশ্যনেল ডেস্ক,৯ ডিচেম্বৰ : শনিবাৰে ওড়িশাত আয়কৰ বিভাগৰ অভিযান । অভিযানত জব্দ ৪৬ কোটি টকা(Rs 46 Cr Cash Counted So Far In Last Two Days ) ।
শুকুৰবাৰে আয়কৰ বিভাগৰ অভিযানৰ পিছত শনিবাৰে পুনৰ আয়কৰ বিভাগে ওড়িশাৰ এটা সুৰা ডিষ্টিলাৰী গ্ৰুপৰ বিৰুদ্ধে অভিযান চলাই । আয়কৰ বিভাগৰ অভিযানৰ দ্বিতীয় দিনা ৪৬ কোটি টকা নগদ জব্দ কৰা হয় বুলি বোলাংগীৰ এছবিআইৰ আঞ্চলিক প্ৰবন্ধকে জনাইছে । তেওঁ কয় যে বেংকটোৱে মুঠ ১৭৬ টা নগদ ধনেৰে ভৰ্তি মোনা লাভ কৰিছে(Tax raids continue in Odisha) ।
আনহাতে, শুকুৰবাৰলৈকে প্ৰায় ২২৫ কোটি টকা উদ্ধাৰৰ পিছত আয়কৰ চোৰাংচোৱাই শনিবাৰে বোলাংগীৰ জিলাৰ সুদাপাৰা অঞ্চলত এজন দেশীয় সুৰা নিৰ্মাতাৰ ঘৰৰ পৰা ২০ বেগ নগদ ধন জব্দ কৰে । সুদাপাৰাৰ পৰা উদ্ধাৰ কৰা ধনৰ পৰিমাণ গণনা কৰা হৈছে(Rs 225 Crore And Still Counting Among India’s Biggest Cash Recoveries ) ।
এগৰাকী বিষয়াই কয় যে জব্দ কৰা ২০ বেগত ৫০ কোটি টকাৰ অধিক হ’ব । আয়কৰ বিভাগৰ চোৰাংচোৱাসকলে শুকুৰবাৰে গণনাৰ বাবে বোলাংগীৰৰ এছবিআই মুখ্য শাখালৈ ১৫৬ টা নগদ ধনভৰ্তি মোনা লৈ যায় । বিগত তিনিদিন ধৰি ভূৱনেশ্বৰত শিবিৰ পাতি থকা আয়কৰ বিভাগৰ ডি জি সঞ্জয় বাহাদুৰে অৱশ্যে চলি থকা এই অভিযানৰ বিষয়ে বিশেষ তথ্য প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে ।
শনিবাৰে আয়কৰ বিভাগৰ ডি জি সঞ্জয় বাহাদুৰে সাংবাদিকৰ আগত কয়, “আমাৰ দলে ইয়াৰ ওপৰত কাম কৰি আছে’’ । ইয়াৰে বেছিভাগ ৫০০ টকীয়া নোট । নোট গণনা প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ বাবে বিভিন্ন বেংকৰ পৰা নোট গণনা যন্ত্ৰ অনা হৈছে বুলিও তেওঁলোকে কয়(Tax Raids Continue in Odisha, Jharkhand) ।
আনহাতে, সূত্ৰত প্ৰকাশ পোৱা মতে, ১৫০ গৰাকী বিষয়াই সুৰা ডিষ্টিলাৰী গ্ৰুপত অভিযান চলাই থকাৰ সময়ত আয়কৰ বিভাগে বিভিন্ন স্থানৰ পৰা উদ্ধাৰ হোৱা ডিজিটেল নথিপত্ৰৰ সত্যাসত্য নিৰূপণৰ বাবে হায়দৰাবাদৰ আন ২০ গৰাকী বিষয়াকো নিযুক্ত কৰিছে ।