Local, Vocal, Global

Tax Hike Protests In Kenya : কেনিয়াত কৰ বিৰোধী প্ৰতিবাদ;নিহত ৩৯গৰাকী,আহত ৩৬০ গৰাকী

ইণ্টাৰনেশ্যনেল ডেস্ক,২জুলাই : কৰ বিৰোধী প্ৰতিবাদে ভয়ংকৰ ৰূপ লৈছে কেনিয়াত। চৰকাৰৰ কৰ বৃদ্ধিৰ সিদ্ধান্তক লৈ কেনিয়াত ৰাইজে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে । দেশখনত সাধাৰণ ৰাইজৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৰ বিৰোধী প্ৰতিবাদত এই পৰ্যন্ত মৃত্য়ু হৈছে ৩৯গৰাকীকৈ লোক । আহত হৈছে ৩৬০ গৰাকীতকৈ অধিক লোক। ৩২ টাকৈ গোচৰ ৰুজু কৰি ৬২৭ গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে(Tax Hike Protests In Kenya) ।

মঙলবাৰে চৰকাৰে বিতৰ্কিত কৰ আইনখন গৃহীত কৰাৰ পিচতে প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ পৰিছে । প্ৰতিবাদকাৰীসকলৰ ভিতৰত বেছি সংখ্যকে যুৱ আছিল । আইন গৃহীত কৰাৰ লগে লগে শান্তিপূৰ্ণ কৰ বিৰোধী সমদলবোৰ অধিক হিংসাত্মক হৈ পৰে ।

পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় নাইৰোবিৰ সংসদ চৌহদ ভাঙি লণ্ড ভণ্ড কৰে আৰু কোনো কোনো অংশত অগ্নি সংযোগ কৰে । প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ লগে লগে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয়(39 Killed, Over 360 Injured In Anti-Tax Protest In Kenya) ।

উল্লেখ্য যে, ২০২২ চনৰ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ চৰকাৰে সন্মুখীন হোৱা আটাইতকৈ গুৰুতৰ সংকট হিচাপে ইয়াক দেখা গৈছে । ৰুটোৱে দেওবাৰে টেলিভিছনত দিয়া এক সাক্ষাৎকাৰত কৈছিল যে প্ৰতিবাদত ১৯ গৰাকী লোকৰ মৃত্যু হৈছে । অৱশ্যে তেওঁ জোৰ দি কৈছিল যে এই সন্দৰ্ভত তদন্ত কৰা হ’ব ।

ইফালে মানৱ অধিকাৰ আয়োগে এই পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে । তেওঁলোকৰ মতে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ব্যৱহৃত বল অত্যধিক আৰু অসামঞ্জস্যপূৰ্ণ আছিল । অৱশ্যে সংসদ ভৱন আৰু অন্যান্য চৰকাৰী ভৱনকে ধৰি কিছুমান গুৰুত্বপূৰ্ণ স্থানত চলোৱা আক্ৰমণৰ বাবে প্ৰতিবাদকাৰীসকলকো আয়োগে সমালোচনা কৰে ।

ইয়াৰ মাজতে ভাৰতে কেনিয়াত থকা নাগৰিকসকলৰ বাবে এক পৰামৰ্শ জাৰী কৰিছে । কিয়নো কৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ হিংসাত্মক হৈ পৰিছে, যাৰ ফলত আফ্ৰিকাৰ দেশখনত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে । কেনিয়াৰ ভাৰতীয় দূতাবাসে পূৰ্বে তাত থকা ভাৰতীয় নাগৰিকসকলক অত্যধিক সাৱধানতা অৱলম্বন কৰিবলৈ, অপ্ৰয়োজনীয় ভ্ৰমণ বাতিল কৰিবলৈ আৰু পৰিস্থিতি শান্ত নোহোৱালৈকে প্ৰতিবাদ আৰু হিংসাৰ দ্বাৰা প্ৰভাৱিত এলেকাবোৰ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে ।

লগতে পঢ়ক : Assam flood situation worsens : ৰাজ্যত ক্রমাৎ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি;বানত প্লাবিত হৈছে ১৪ খনকৈ জিলা