Domestic violence : যৌতুকৰ বাবে পত্নীক হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে
নিউজ ডেস্ক,২৩ এপ্ৰিল : যৌতুকৰ বাবে পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে।
নিকৃষ্ট, অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ(Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ । ৰাজ্যত বোৱাৰী হত্যাৰ ঘটনাই প্ৰায়ে সংবাদ শিৰোৱনাম দখল কৰা পৰিলক্ষিত হয় । কেতিয়াবা যদি যৌতুকজনিত কাৰণত আন কেতিয়াবা আকৌ পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱাই নিৰীহ মহিলাই(tarali family accuses her husband of brutally murdering tarali )।
পুনৰ ৰাজ্যত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। এইবাৰ অসম-নাগালেণ্ড সীমান্তৰ গোলাঘাটত সংঘটিত হয় এই ঘটনাটো । গোলাঘাট জিলাৰ মেৰাপানীত বোৱাৰীৰ মৃত্যুত ৰহস্য । বোৱাৰীৰ ৰহস্যজনক মৃত্যুক হত্যাকাণ্ডৰ অভিযোগ । যৌতুকৰ বাবেই হত্যাৰ কৰাৰ অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ । স্বামীয়ে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ ।
অসম-নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি। পত্নীক হত্যা কৰি চৰম পথ লোৱাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে।
মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। বিশ্বজিৎ বসুমতাৰী নামৰ যুৱকজনে এক বছৰৰ পুৰ্বে বিয়া কৰাইছিল মেৰাপানীৰ নাৰায়ণপুৰ গাঁৱৰ তৰালি দাস নামৰ এগৰাকী যুৱতীক(tarali family accuses her husband of brutally murdering tarali )।
বিয়াৰ পিছৰে পৰা বিশ্বজিৎ বসুমতাৰীয়ে তৰালি দাসক যৌতুক হিচাপে এখন বাইক আৰু টকা-পইচা দাবী কৰিছিল বুলি অভিযোগ কৰে তৰালি দাসৰ পৰিয়ালে। সোমবাৰে নিশা তৰালিয়ে চৰম সিদ্ধান্ত লোৱা বুলি পৰিয়ালৰ লোকক খবৰ দিয়াৰ পাছতেই মাতৃগৃহত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সোধ-পোছৰ বাবে তৰালি দাসৰ স্বামী বিশ্বজিৎ বসুমতাৰী, শহুৰ আৰু শাহুৱেকক ইতিমধ্যে আটক কৰিছে।