WATCH | Tanu Shahi has sought forgiveness : অৱশেষত ক্ষমা বিচাৰিলে তনু শ্বাহীয়ে
নিউজ ডেস্ক,২২মে’ : অৱশেষত ক্ষমা বিচাৰিলে দুলীয়াজানৰ বি এন সিং তেল ডিপোৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা তনু শ্বাহীয়ে। অসমৰ দল-সংগঠনক অপমানসূচক মন্তব্যৰে গালি পৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত হোৱা প্ৰতিক্ৰিয়াৰ বাবে ক্ষমা খুজিলে তনু শ্বাহীয়ে(Tanu Shahi has sought forgiveness)।
বুধবাৰে নিশা এক ভিডিঅ’ যোগে তনু শ্বাহীয়ে কয়, “১৭ মে’ত দুলীয়াজানৰ বি এন সিং তেল ডিপোত যি অপ্ৰীতিকৰ ঘটনা হৈছে তাৰ বাবে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাজিয়াৰ সময়ত মোৰ মুখেৰে যি শব্দ ওলাইছিল তাৰ বাবে মই দূখীত। এই শব্দটো কোনো দল-সংগঠৰ উদ্দেশ্যে কোৱা নাছিলোঁ। সেইদিনা মোৰ চকুৰ সন্মুখত মোৰ ভাইটিসকলক চোঁচৰাইছে, মাৰিছে সেইবাবে মই ভয়ত এইদৰে ক’লো। মই এইদৰে অসমীয়াৰ বাবে বা অসমীয়া জাতিৰ বাবে কেতিয়াও ক’ব নোৱাৰো, কাৰণ মই নিজেই অসমীয়া ছোৱালী। কিন্তু মই এইটো শব্দ কাৰো বাবে ক’ব নালাগিছিলে। মই ইয়াৰ বাবে দুখ প্ৰকাশ কৰিছোঁ, সকলোকে এটাই অনুৰোধ জনাও যে মোক নিজৰ ছোৱালী বুলি ক্ষমা কৰি দিয়ে যেন।”