Local, Vocal, Global

Tangla minor siblings double murder:পোহৰলৈ আহিল টংলাৰ ২ কিশোৰ হত্যাৰ ৰহস্য

নিউজ ডেস্ক,২২ডিচেম্বৰ :পোহৰলৈ আহিল টংলাৰ ২ কিশোৰ হত্যাৰ ৰহস্য। সতীয়া ভাতৃয়ে হত্যা কৰিছিল দুই কিশোৰ গৌৰৱ আৰু কৌশিকক। সতীয়া ভাতৃ নীৰজ শৰ্মাই হত্যা কৰে দুয়োকে।পিতৃৰ পৰা বিচৰা মৰম নোপোৱাৰ বাবেই দুই ভাতৃক হত্যা কৰিছিল নীৰজ শৰ্মাই। আৰক্ষীৰ সন্মুখত চাঞ্চল্যকৰ স্বীকাৰোক্তি অভিযুক্ত নীৰজ শৰ্মাৰ।আৰক্ষীৰ সন্মুখত চাঞ্চল্যকৰ স্বীকাৰোক্তি অভিযুক্ত নীৰজ শৰ্মাৰ। হত্যাকাণ্ডত কোনো তৃতীয় ব্যক্তি জড়িতৰ প্ৰমাণ পোৱা নাই আৰক্ষীয়ে। সংবাদমেলত এই কথা জনালে BTRৰ IGP বিবেক ৰাজ সিঙে(Tangla minor siblings double murder)

জানিব পৰা অনুসৰি পিতৃ মহেন্দ্ৰ শৰ্মাৰ আছে দুগৰাকী পত্নী। অভিযুক্ত নীৰজ শৰ্মা মহেন্দ্ৰৰ প্ৰথমা পত্নীৰ পুত্ৰ। মাতৃ আৰু ভগ্নীৰ সৈতে পঞ্জাৱত আছিল নীৰজ শৰ্মা। কিছুদিন পূর্বেহে টংলালৈ আহিছিল অভিযুক্ত নীৰজ(Assam Police detain suspect in murder of two brothers)।

উল্লেখ্য যে, শুকুৰবাৰে টংলাৰ যোৰপুখুৰী মহেন্দ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা স্কুললৈ যোৱাৰ পথত নিখোজ হৈছিল। শনিবাৰে ঘৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নিলগত উদ্ধাৰ হৈছে দুয়োজন কিশোৰৰে মৃতদেহ। ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে দুয়োৰে মৃতদেহ। ছাত্ৰৰ ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰিছিল প্ৰাতঃভ্ৰমণলৈ যোৱা লোকে। দুই কণমানিৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰৰ পিছতে হুৱাদুৱা লাগিছিল অঞ্চলটোত। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছিল।

লগতে পঢ়ক :Child Marriage in Bilasipara:ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান