পঞ্চভূতত বিলীন হ’ল তামাৰহাটৰ জোৱান অশোক ৰায়, শোকাকুল পৰিবেশ
নিউজ ডেস্ক: দুৰ্ঘটনাত পতিত হৈ দেশৰ সুৰক্ষাত নিয়োজিত মৃত্যু হোৱা জোৱানৰ নশ্বৰদেহ ঘৰলৈ অনাৰ পাছতে এক শোকাকুল পৰিবেশে বিৰাজ কৰে ধুবুৰী জিলাৰ তামাৰহাটত৷ বীৰ জোৱানৰ নশ্বৰদেহ ঘৰলৈ অনাৰ পাছতে পৰিয়াল তথা গাঁওবাসীয়ে কান্দি শোকত ভাগি পৰে৷ দুদিনৰ মূৰত আজি সেনা জোৱান অশোক ৰায়ৰ নশ্বৰদেহ তামাৰহাটৰ গৃহলৈ অনা হয়। জোৱানজনৰ মৃতদেহ অহাৰ লগে লগে গাঁৱত কান্দোনৰ ৰোল উঠে। ধুবুৰী জিলাৰ তামাৰহাট আৰক্ষী থানাৰ অন্তৰ্গত উজানপেটলা গাঁৱৰৰ বাসিন্দা শান্ত ৰায়ৰ পুত্ৰ অশোক ৰায় দুদিন পূৰ্বে মৃত্যুক আকোৱালি লৈছে। তিনিবছৰ পূৰ্বে ভাৰতীয় সেনা বাহিনীত নিযুক্তি লাভ কৰা অশোক ৰায় দুৰ্গা পূজাত ছুটি লৈ ঘৰলৈ আহিছিল। বুধবাৰ ঘৰুৱা কামৰ বাবে অশোক গৈছিল কোকৰাঝাৰলৈ। কোকৰাঝাৰৰ পৰা ঘৰলৈ অহাৰ পথত তুলসীবিলত পথ দুৰ্ঘটনাত পতিত হয়। তুলসীবিলৰ পৰা সংকটজনক অৱস্থাত কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও অশোক ৰায়ক মৃত ঘোষণা কৰে৷ খেতিয়কৰ পুত্ৰ অশোক ৰায়ৰ মৃতদেহ স্বগৃহলৈ অনাৰ পাছতে সামৰিক মৰ্যাদাৰে অন্তিম সৎকাৰ কৰা হয়।