Local, Vocal, Global

T20 World Cup 2024 PM Modi congratulates Team India for the victory : টী-২০ বিশ্বকাপ বিজয়ৰ পিছত টীম ইণ্ডিয়াক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

স্পৰ্ট ডেস্ক,৩০জুন : আইচিচি টি-২০ বিশ্বকাপ ২০২৪ ৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি ভাৰতে বিজয়ৰ খিতাপ দখল কৰিলে ।টীম ইণ্ডিয়াই হাতত তুলি ল’লে টি-২০ বিশ্বকাপৰ ট্ৰফী। ৰোহিত শৰ্মাৰ নেতৃত্বত পুনৰ এবাৰ টীম ইণ্ডিয়াই দেশৰ নাম বিশ্ব ক্ৰিকেটত সোণালী আখৰেৰে লিপিৱদ্ধ কৰিলে। ৭ৰাণত বিশ্বকাপৰ ফাইনেলত জিকিল ভাৰত।

ভাৰতে বিজয়ৰ খিতাপ দখল কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জনায় কয় যে “আমাৰ দলে আইচিচি টি-২০ বিশ্বকাপ “ষ্টাইলত ঘৰলৈ” আনিলে। আমি ভাৰতীয় ক্ৰিকেট দলক লৈ গৌৰৱান্বিত। এই খেলখন ঐতিহাসিক আছিল”। টী-২০ বিশ্বকাপৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি ১১ বছৰৰ পাছত ৰোহিত শৰ্মা আৰু কোম্পানীয়ে আইচিচিৰ ট্ৰফী ঘৰলৈ আনিবলৈ সক্ষম হয় আৰু ২০১১ চনৰ পিছত ভাৰতে প্ৰথমটো বিশ্বকাপ জয় কৰে(T20 World Cup 2024 PM Modi congratulates Team India for the victory)।

ভাৰতীয় দলটোক অভিনন্দন জনাই এক ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতীয় দলটোৱে বিশ্বকাপ জয় কৰাৰ লগতে “কোটি কোটি ভাৰতীয়ৰ হৃদয়” জয় কৰিছে। তেওঁ লগতে কয় যে ভাৰতীয় দলটো এখনো খেলতে পৰাস্ত নহ’ল, যিটো সৰু কথা নহয়।

“এই বৃহৎ জয়ৰ বাবে ভাৰতক অভিনন্দন। আজি আপোনালোকৰ কল্পনাতীত প্ৰদৰ্শনৰ বাবে ১৪০ কোটি দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। আপোনালোকে বিশ্বকাপত জয়লাভ কৰাৰ লগতে কোটি কোটি ভাৰতীয়ৰ হৃদয়ো জিনিছে। আপোনালোক এখনো মেচত পৰাস্ত হোৱা নাছিল; সেয়া কোনো সৰু কৃতিত্ব নহয়। আপোনালোকে এক প্ৰশংসনীয় বিজয় অৰ্জন কৰিছে আৰু মই আপোনালোকক অভিনন্দন জনাইছো।” বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(T20 World Cup 2024 PM Modi congratulates Team India for the victory)।

লগতে পঢ়ক : Virat Kohli, Rohit Sharma announce retirement from T20Is : বিশ্বকাপ জয় কৰি বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ টি-20 ৰ পৰা অৱসৰ ঘোষণা