Local, Vocal, Global

কৰ্তব্যত অবহেলাৰ বাবে নিলম্বন DTO

নিউজ ডেস্ক, ১৯ জুলাই : কৰ্তব্যত অৱহেলাৰ বাবে নিলম্বন হাইলাকান্দি জিলা পৰিবহণ বিষয়া অপু মজুমদাৰক ।

এক নিৰ্দেশনা অনুসৰি, পৰিবহণ বিভাগৰ সচিব আদিল খানে DTO, অপু মজুমদাৰক, ১৫ জুনত কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে জিলা সদৰ ত্যাগ কৰাৰ বাবে, তেওঁৰ বিৰুদ্ধে বিভাগীয় প্ৰক্ৰিয়া ৰখাৰ বাবে অসম সেৱা (অনুশাসন আৰু আপীল) নিয়ম, ১৯৬৪ৰ নিয়ম ৬(১) (ক)ৰ অধীনত তাৎক্ষণিক ভাৱে নিলম্বন ৰাখিছে।

হাইলাকান্দিৰ তদানীন্তন উপায়ুক্ত ৰোহন কুমাৰ ঝাই পৰিবহন কৰ্তৃপক্ষক জনায় যে জিলা কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে ডিটিঅ’, মজুমদাৰে হাৰিয়ানাৰ গুৰুগ্ৰামলৈ মুখ্য কাৰ্যালয় এৰিছিল।

আনহাতে, পৰিবহণ বিভাগৰ সচিব আদিল খানে জিলা কৰ্তৃপক্ষক জিলা পৰিবহণ কাৰ্যালয় চলাবলৈ সহকাৰী আয়ুক্ত পদবীত এজন বিষয়া নিযুক্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।