Local, Vocal, Global

Suspended prison sentences for 10 Indian fishermen for poaching : ১০জন ভাৰতীয় মাছমৰীয়াক প্ৰদান কৰা দুবছৰৰ কাৰাদণ্ড স্থগিত

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ জানুৱাৰী : দহজন ভাৰতীয় মাছমৰীয়াক প্ৰদান কৰা দুবছৰৰ কাৰাদণ্ড স্থগিত । মাছমৰীয়াকেইজনৰ দুবছৰৰ কাৰাদণ্ডৰ আদেশ পাঁচ বছৰৰ বাবে স্থগিত ৰখা হৈছে । ইয়াৰ অৰ্থ হৈছে যে মাছমৰীয়াসকলে প্ৰকৃততে পাঁচ বছৰলৈ কাৰাগাৰলৈ যাব নালাগে ।

দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাৰ জলপৃষ্ঠত চোৰাং চিকাৰৰ বাবে লংকাৰ আদালতে দহজনকৈ ভাৰতীয় মাছমৰীয়াক প্ৰদান কৰিছিল দুবছৰৰ কাৰাদণ্ড । ২৩ ডিচেম্বৰত শ্ৰীলংকা নৌসেনাই গ্ৰেপ্তাৰ কৰা মাছমৰীয়াকেইজন তিনিবাৰ পইণ্ট পেড্ৰো আদালতত উপস্থিত হৈছে । সেই অনুসৰি সোমবাৰে উত্তৰ জাফনা উপদ্বীপৰ পইণ্ট পেড্ৰোৰ দণ্ডাধীশে ট্ৰলাৰৰ গৰাকী চলিত বৰ্ষৰ ২৪ অক্টোবৰত আদালতত উপস্থিত থাকিবলৈও নিৰ্দেশ প্ৰদান কৰে । সেইদিনা গোচৰটোৰ পৰৱৰ্তী শুনানি হ’ব(Suspended prison sentences for 10 Indian fishermen for poaching in Lanka waters) ।

জানিব পৰা মতে, কাৰাদণ্ডৰ শাস্তি প্ৰত্যাহাৰৰ পিছত মাছমৰীয়াকেইজনক কলম্বোৰ উপনগৰ মিৰিহানাৰ ইমিগ্ৰেচন ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰা হ’ব । যেতিয়ালৈকে তেওঁলোকক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে আনুষ্ঠানিকতা প্ৰদান কৰা নহয়, তেতিয়ালৈকে তেওঁলোক তাতেই থাকিব ।

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্কত মাছমৰীয়াৰ এই বিষয়টো এক বিতৰ্কিত বিষয় । লংকাৰ নৌসেনাৰ কৰ্মীয়ে আনকি পালক ষ্ট্ৰেইটত ভাৰতীয় মাছমৰীয়াসকলৰ ওপৰত গুলীচালনা কৰে আৰু শ্ৰীলংকাৰ জলসীমাত অবৈধভাৱে প্ৰৱেশ কৰাৰ কেইবাটাও তথাকথিত ঘটনাত তেওঁলোকৰ নাও জব্দ কৰে(Suspended Prison Sentences For 10 Indian Fishermen For Poaching In Lanka Waters)।

উল্লেখ্য যে, আন্তৰ্জাতিক সামুদ্ৰিক সীমাৰেখা অতিক্ৰম কৰা আৰু শ্ৰীলংকাৰ পানীত মাছ ধৰাৰ অভিযোগত শ্ৰীলংকান কৰ্তৃপক্ষই ভাৰতীয় মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰাৰ ঘটনা প্ৰায় সংঘটিত হৈ আহিছে । এই মাহত শ্ৰীলংকা নৌসেনাই ২০ জনতকৈও অধিক ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে ।

২০২৩ চনত দ্বীপৰাষ্ট্ৰখনৰ নৌসেনাই শ্ৰীলংকাৰ পানীত চোৰাং চিকাৰ কৰাৰ অভিযোগত ৩৫ খন ট্ৰলাৰৰ সৈতে ২৪০ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক : Assam HSLC Exam 2024 : প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা