Local, Vocal, Global

Suspected kidnapping case in Dima Hasao : ডিমা হাছাও জিলাত দুই শ্ৰমিকক অপহৰণ

নিউজ ডেস্ক,২৯জুলাই : ডিমা হাছাও জিলাত অপহৰণৰ ঘটনা । ডিমা হাছাও জিলাত দুই শ্ৰমিকক সন্ধানহীন ।

পাহাৰীয়া জিলাখনত পথ নিৰ্মাণৰ কামত যুক্ত এটা নিৰ্মাণ সংস্থাৰ দুই কৰ্মীক অচিনাক্ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ।

জানিব পৰা মতে, শুকুৰবাৰৰ নিশা সংঘটিত হয় এই অপহৰণকাণ্ডটো । এতিয়ালৈকে ডিমা হাছাও আৰক্ষীয়ে এই অপহৰণ সংক্ৰান্ত কোনো তথ্য সদৰী কৰা নাই সংবাদ মাধ্যমৰ আগতে ।

প্ৰাপ্ত তথ্য অনুসৰি, মাহুৰ তামিংলং পথ নিৰ্মাণৰ কামত যুক্ত অনুচা প্ৰজেক্ট প্ৰাইভেট লিমিটেডৰ দুগৰাকী কৰ্মীক মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিয়ানগ্লো পুনগাঁৱৰ ৰেহিৰ কেম্পৰ পৰা শুকুৰবাৰ নিশা ৯ পৰা ১০ মান বজাত ১০-১২ জনীয়া দুৰ্বৃত্তৰ দলে বন্দুকৰ ভাবুকি প্ৰদানেৰে অপহৰণ কৰি লৈ যায়(Suspected kidnapping case in Dima Hasao) ।

এই সন্দৰ্ভত অৱগত হোৱাৰ পাচতে আৰক্ষীয়ে নিৰ্মাণ সংস্থাৰ দুই কৰ্মীক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে নিৰ্মাণ সংস্থাৰ কৰ্মী দুগৰাকীৰ কোনো সন্ধান ওলোৱা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Team from Himachal Pradesh visits Assam to study innovative initiatives : দেওবাৰে গুৱাহাটীত উপস্থিত হয় হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰ সহ ৰাজ্যখনৰ শিক্ষা বিভাগৰ ১৩ জনীয়া দল