Local, Vocal, Global

Suspected IED Recovered on Srinagar Baramulla Highway : শ্ৰীনগৰ বাৰামুল্লা ঘাইপথত উদ্ধাৰ সন্দেহযুক্ত আই ই ডি

নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ : শ্ৰীনগৰ-বাৰামুল্লা ঘাইপথৰ লাৱাইপোৰাত আৰক্ষী আৰু সেনাবাহিনীৰ যৌথ অভিযান । অভিযানত উদ্ধাৰ সন্দেহজনক আই ই ডি(Suspected IED Recovered on Srinagar Baramulla Highway) ।

উল্লেখ্য যে, বুধবাৰে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ ঘাইপথৰ লাৱেপোৰা অঞ্চলত নিৰাপত্তা বাহিনীয়ে এটা সন্দেহজনক আইইডি নিষ্ক্ৰিয় কৰে ৷ অতি কৌশলেৰে নিৰাপত্তাৰক্ষীয়ে আইইডি নিষ্ক্ৰিয় কৰি সম্ভাৱ্য ডাঙৰ ঘটনাৰ পৰা অঞ্চলটোক প্ৰতিহত কৰে বুলি নিৰাপত্তাৰক্ষীৰ দলটোৱে জানিবলৈ দিয়ে ৷ বোমাটো নিষ্ক্ৰিয় কৰা সময়লৈকে ঘাইপথত যান-বাহন চলাচল বন্ধ কৰি থোৱা আছিল ৷ বোমাটো নিষ্ক্ৰিয় হোৱাৰ পিচতে পথটোৰে পুনৰ যান-বাহন চলাচল আৰম্ভ হৈছে(Suspected IED Destroyed at Lawaypora on Srinagar-Baramulla Highway) ৷

ঘটনাৰ সম্পৰ্কে সেনাই কয় যে শ্ৰীনগৰ-বাৰামুল্লা ঘাইপথৰ লাৱাইপোৰাত আই ই ডি উদ্ধাৰ কৰা হৈছে।”চীনাৰ ৱাৰিয়ৰ্ছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে শ্ৰীনগৰ -বাৰামুল্লা ঘাইপথৰ লাৱাইপোৰাত এটা আই ই ডি উদ্ধাৰ কৰি স্থানীয়ভাৱে ধ্বংস কৰি আজি এক ভয়ংকৰ ঘটনাৰ পৰা অঞ্চলটোক ৰক্ষা কৰে(Suspicious Object Detected, Destroyed on Srinagar Baramulla Road)।”

লগতে পঢ়ক : Rahul Gandhi Meets Wrestlers in Haryana : বুধবাৰে পুৱা হাৰিয়ানাৰ বীৰেন্দ্ৰ আৰ্য আখাড়াত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী