Local, Vocal, Global

Suspected IED blast at Syndicate Stand near Them Mator : শ্বিলঙত ভয়ংকৰ IED বিস্ফোৰণ

নিউজ ডেস্ক, ১০ মাৰ্চ : শ্বিলঙত ভয়ংকৰ IED বিস্ফোৰণ । শনিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । শনিবাৰে নিশা প্ৰায় ১১ মান বজাত মেঘালয়ৰ শ্বিলঙত এক ভয়ংকৰ IED বিস্ফোৰণৰ ঘটনা সংঘটিত হয়(Suspected IED blast at Syndicate Stand near Them Mator) ।

জানিব পৰা মতে, হৰিজন ক’লনীৰ সমীপৰ বাছ আস্থানত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো । IED বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় এজন লোক । আহত লোকজন লক্ষণ সিং বুলি জানিব পৰা গৈছে ।

এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে শ্বিলং আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ নিশাই ঘটনাস্থলীত উপস্থিত হয় পূব খাচী পাহাৰৰ আৰক্ষী অধীক্ষক ঋতুৰাজ ৰবি ।

আৰক্ষী অধীক্ষক ঋতুৰাজ ৰবিৰ মতে, হৰিজন ক’লনীৰ ওচৰৰ এখন পৰিত্যক্ত অৱস্থাত থকা এখন ঘৰত সংঘটিত হয় এই বোমা বিস্ফোৰণৰ ঘটনাটো । ঘটনাস্থলী সংঘটিত হোৱাৰ পাচতে বৃহৎ আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে(Suspected IED blast at Syndicate Stand near Them Mator, probe on) ।

উল্লেখ্য যে, বিগত বহুদিনৰে পৰা হৰিজন ক’লনীটো স্থানান্তৰিত কৰাক লৈ চলি আছে সংঘাত । মেঘালয় চৰকাৰৰ লগতে বিভিন্ন দল সংগঠনৰ সৈতে সংঘাত হৰিজন পঞ্চায়ত কমিটিৰ । এই সংঘাতক কেন্দ্ৰ কৰিয়েই পুৰ্বেও সংঘটিত হৈ গৈছিল একাধিক বিক্ষিপ্ত ঘটনা । শনিবাৰৰ নিশাৰ IED বিস্ফোৰণৰ ৰহস্য বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত।

লগতে পঢ়ক : CM will arrive in Kaliabor on Monday : সোমবাৰে কলিয়াবৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা;উদ্বোধন কৰিব কেইবাটাও আধাৰশিলাৰ