Local, Vocal, Global

কাৰ্বি আংলঙত বিদ্ৰোহী সংগঠনৰ সদস্যৰ আত্মসমৰ্পন

নিউজ ডেস্ক, ৮ মে’- কাৰ্বি আংলঙত আদিবাসী বিদ্ৰোহী সংগঠন AALNA সদস্যৰ আত্মসমৰ্পন। বোকাজান আৰক্ষী থানাত অস্ত্ৰসহ আত্মসমৰ্পন কৰে উগ্ৰপন্থী দলটোৱে। কাৰ্বি আংলঙত আদিবাসী বিদ্ৰোহী সংগঠন AALNA সদস্যৰ আত্মসমৰ্পন কৰে উগ্ৰপন্থী দলটোৱে। মূলসুঁতিলৈ ঘূৰি আহে বিদ্ৰোহী সংগঠনটোৰ ১৩ জনকৈ সদস্য।

অসম আৰক্ষীৰ DIG সত্যৰাজ হাজৰিকা, কাৰ্বি আংলং আৰক্ষী অধীক্ষক পুস্পৰাজ সিং আৰু অসম ৰাইফলচৰ ব্ৰিগেদিয়াৰ শশীন্দৰ তিৱাৰীৰ উপস্থিতত অস্ত্ৰ সমৰ্পন কৰে সংগঠনটোৱে। কাৰ্বি আংলং আৰক্ষী আৰু অসম ৰাইফলচৰ সহযোগত বিদ্ৰোহী সংগঠনটোৰ সদস্যক মূলসুঁতিলৈ ঘূৰাই আনিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ২০১২ চনতে উগ্ৰপন্থী সংগঠনটোৱে আত্মসমৰ্পণ কৰিছিল যদিও তাৰে এটা দল ভাগ হৈ পৰিছিল। আজি আলনাৰ সকলো সদস্যই আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে।

লগতে সংগঠনটোৰ সদস্যসকলে ৪ টা AK-47, ৫ টা পিষ্টল আৰু ৩৬ জাই সজীৱ গুলি জমা দিয়ে।