Local, Vocal, Global

Supreme Court to hear over 200 pleas challenging CAA implementation today : CAA সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

নিউজ ডেস্ক, ১৯ মাৰ্চ : আজি উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি । CAA ৰ সন্দৰ্ভত হ’ব শুনানি ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে দাখিল কৰা আবেদনৰ আজি গুৰুত্বপূৰ্ণ শুনানি গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে। CAAৰ অধিনিয়মত স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত আবেদন কৰিছিল অসম সন্মিলিত মহাসংঘ, নেছ’, আছু, AJYCPৰ লগতে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই লগতে অসম তথা উত্তৰ-পূৱৰ কেইবাটাও দল-সংগঠনে(Supreme Court to hear over 200 pleas challenging CAA implementation today)।

এই আবেদনসমূহে CAA ৰূপায়ণৰ ওপৰত স্থগিতাদেশ বিচৰাৰ লগতে CAA ক অসাংবিধানিক ঘোষণা কৰাটো বিচাৰিছে ।ওৱাইচিয়ে উচ্চতম ন্যায়ালয়ত CAA ৰূপায়ণৰ ওপৰত নিষেধাজ্ঞা বিচাৰি এখন আবেদন দাখিল কৰিছে ।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব দাখিল হোৱা আবেদনৰ শুনানি।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ১১ মাৰ্চত CAA কাৰ্যকৰী কৰে ।

লগতে পঢ়ক : Renowned Painter Samiran Pathak Dies In Road Accident : ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত চিত্ৰশিল্পী সমীৰণ পাঠক