Local, Vocal, Global

জানুৱাৰীৰ ভিতৰত পৌৰসভা আৰু নগৰ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, ২৯ জুলাই : ভাৰতৰ উচ্চতম ন্যায়ালয়ে নাগালেণ্ড চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগক ২০২৩ চনৰ জানুৱাৰীৰ ভিতৰত পৌৰসভা আৰু নগৰ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু ন্যায়াধীশ MM Sundreshৰ বিচাৰপীঠে বিচাৰপীঠে ২০২৩ চনৰ ফেব্ৰুৱাৰীত বিষয়টো অনুপালনৰ বাবে তালিকাভুক্ত কৰিছে।

শীৰ্ষ ন্যায়ালয়ে ৰাজ্যখনৰ স্থানীয় সংস্থা নিৰ্বাচন সন্দৰ্ভত People’s Union for Civil Liberties (PUCL)ৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল।

যোৱা শুনানিত, শীৰ্ষ আদালতে ৰাজ্যিক নিৰ্বাচন আয়োগক নিৰ্বাচনৰ বিষয়ে কেতিয়া অৱগত কৰিব সেই তাৰিখ উল্লেখ কৰি এখন শপতনামা দাখিল কৰিবলৈ কৈছিল। শীৰ্ষ ন্যায়ালয়ে উল্লেখ কৰিছিল যে ২৪ নৱেম্বৰ, ২০২২ তাৰিখে ভোটাৰ তালিকাৰ চূড়ান্ত প্ৰকাশ হ’ব আৰু সেয়েহে ৰাজ্যিক নিৰ্বাচন আয়োগক উক্ত উদ্দেশ্যৰ বাবে কোনো সম্প্ৰসাৰণ বিচৰা নোহোৱাকৈ সময়সূচী কঠোৰভাৱে অনুসৰণ কৰিবলৈ আহ্বান জনায়।