SC on Manipur violence : মণিপুৰৰ নিৰ্যাতিতা মহিলাৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ
নেশ্যনেল ডেস্ক, ৩১ জুলাই : আজি অৰ্থাৎ সোমাবাৰে মণিপুৰৰ দুগৰাকী নিৰ্যাতিতা মহিলা কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব (SC on Manipur violence) । হিংসাজৰ্জৰ মণিপুৰত দুগৰাকী মহিলাক উলংগ হৈ পেৰেড কৰা গোচৰটো মণিপুৰৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল ।
এই গোচৰৰ শুনানি মণিপুৰৰ পৰিৱৰ্তে অন্য ৰাজ্যলৈ হস্তান্তৰ কৰিবলৈ কেন্দ্ৰই জনোৱা অনুৰোধৰ শুনানি সোমবাৰে গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে (Supreme Court hear cases of two victims from Manipur on Monday)। ভিডিঅ’টোত দেখা পোৱা ভুক্তভোগী মহিলাসকলৰ আবেদনো গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে (Supreme Court)। ভুক্তভোগীৰ পৰিচয় লুকুৱাই ৰখাৰ লগতে আবেদনখনৰ বিষয়বস্তু এতিয়াও ৰাজহুৱা কৰা হোৱা নাই ।
উল্লেখ্য ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক এই ভাইৰেল ভিডিঅ’টোত ফাদিল হোৱা ঘটনা সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত আদালতক অৱগত কৰিবলৈ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ে এই কাণ্ডক ‘সাংবিধানিক অধিকাৰ আৰু মানৱতাৰ উলংঘা’ বুলি অভিহিত কৰিছিল।
জানিব পৰা মতে, আবেদনখনত মণিপুৰ চৰকাৰ আৰু কেন্দ্ৰক উত্তৰদাতা হিচাপে তালিকাভুক্ত কৰা হৈছে । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাক লৈ গঠিত বিচাৰপীঠে মহিলাৰ আবেদন গ্ৰহণ কৰিব ।
যোৱা সপ্তাহত কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাই যে, মণিপুৰৰ পৰা দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা দৃশ্যৰ এক বৰ্বৰোচিত ভিডিঅ’ৰ গোচৰটো কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰ’ৱে তদন্ত কৰিব আৰু নাৰীৰ বিৰুদ্ধে যিকোনো অপৰাধৰ প্ৰতি শূন্য সহনশীলতা সন্দৰ্ভত জোৰ দিয়া হ’ব বুলি কয় ।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এটৰ্নী জেনেৰেল আৰু ছলিচিটৰ জেনেৰেলক জাতি সংঘৰ্ষৰে জৰ্জৰিত মণিপুৰত দুগৰাকী মহিলাৰ ওপৰত চলোৱা বৰ্বৰোচিত ভাইৰেল ভিডিঅ’টোৱে গভীৰভাৱে বিচলিত কৰিছে বুলি জনায় । মুখ্য ন্যায়াধীশে কেন্দ্র আৰু মণিপুৰ চৰকাৰক অপৰাধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে অন্যথা ন্যায়পালিকাই ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয় ৷
উল্লেখ্য ইতিমধ্যে এই ঘটনা সন্দৰ্ভত মণিপুৰ চৰকাৰে ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰাখিছে । উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সম্পাদক অজয় কুমাৰ ভল্লাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ নাৰীৰ বিৰুদ্ধে যিকোনো অপৰাধৰ প্ৰতি শূন্য সহনশীলতাৰ ভাব পোষণ কৰাৰ বাবেই এই ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক ন্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে সমগ্ৰ ঘটনাক ‘সাংবিধানিক অধিকাৰ আৰু মানৱতাৰ উলংঘা’ বুলি অভিহিত কৰিছিল ।
লগতে পঢ়ক : Monsoon Session 2023: পুনৰ আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন