Supected Murder in Nagaon: নগাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক,১২অক্টোবৰ : নিকৃষ্ট, অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ(Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ ।
পুনৰ বোৱাৰীৰ মৃত্যুত ৰহস্য । ৰাজ্যত বোৱাৰী হত্যাৰ ঘটনাই প্ৰায়ে সংবাদ শিৰোৱনাম দখল কৰা পৰিলক্ষিত হয় । কেতিয়াবা যদি যৌতুকজনিত কাৰণত আন কেতিয়াবা আকৌ পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱাই নিৰীহ মহিলাই।ডবকাৰ ভেলুগুৰিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু।
নগাঁও জিলাৰ কচুৱাৰ হালধীবাৰীৰ স্বামী গৃহত মহিলাৰ ৰহস্যজনক মৃত্যু(Supected Murder in Nagaon)।
জানিব পৰা মতে, প্ৰায় ছমাহ পূৰ্বে আবু হানিফাৰ নামৰ লোকজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল হালধীবাৰীৰ ৰেজুয়ানা খাতুন নামৰ এগৰাকী যুৱতীৰ সৈতে।বিয়াৰ পিছৰে পৰা স্বামী গৃহৰ বিৰুদ্ধে যৌতুক বিচাৰি অকৰ্থ নিযাৰ্তন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল মহিলাগৰাকীয়ে।
ইপিনে পূৰ্বৰ পত্নীৰ কথা গোপনে ৰাখি ৰেজুয়ানা খাতুনৰ সৈতে দ্বিতীয়বাৰ বিবাহ পাশত আৱদ্ধ হৈছিল স্বামী আবু হানিফাই। সমগ্ৰ ঘটনা গম পোৱাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। তাৰ পিছতে হঠাতে বৃহস্পতিবাৰে স্বামী গৃহত ৰহস্যজনক অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে মৃত ৰেজুয়ানা খাতুনৰ মাতৃ অজুফা খাতুনৰ এজাহাৰ দাখিল কৰে ।ৰেজুয়ানা খাতুনৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিতে স্বামী আবু হানিফাক ডবকা আৰক্ষীয়ে আটক কৰে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ জানিব পৰা হোৱা নাই এয়া হত্যা নে আত্মহত্যা ।
আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।
লগতে পঢ়ক : Sankardev Utsav : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ