Local, Vocal, Global

Supected Murder in Mankachar: মানকাচৰত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

হাটশিঙিমাৰী, ২৪অক্টোবৰ : পুনৰ বোৱাৰীৰ মৃত্যুত ৰহস্য । ৰাজ্যত বোৱাৰী হত্যাৰ ঘটনাই প্ৰায়ে সংবাদ শিৰোৱনাম দখল কৰা পৰিলক্ষিত হয় । কেতিয়াবা যদি যৌতুকজনিত কাৰণত আন কেতিয়াবা আকৌ পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱাই নিৰীহ মহিলাই । এইবাৰ দক্ষিণ শালমাৰাত সংঘটিত হয় এক ঘটনা(Supected Murder in Mankachar) ৷

দক্ষিণ শালমাৰাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কাঠালবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । মঙলবাৰে কাঠালবাৰীত এগৰাকী বোৱাৰীৰ আত্মহত্যাৰ ঘটনাক লৈ সম্প্ৰতি অঞ্চটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।নাৰী শক্তিক পূজা-অৰ্চনা কৰি থকাৰ সময়তেই এগৰাকী নাৰীৰ মৃত্যু।

উল্লেখ্য যে, মানকাচৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় বোৱাৰীৰ গৰাকীৰ মৃতদেহ । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কাঠালবাৰীত এগৰাকী বোৱাৰী চিপ লৈ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৃত বোৱাৰীগৰাকী শিলা বেগম (২৮) । ঘৰ কাঠালবাড়ী গাওঁত বুলি জানিব পৰা গৈছে। বোৱাৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি কয় যদিও তাৰ বিপৰীতে বোৱাৰীগৰাকীৰ পৰিয়ালে এয়া হত্যাকাণ্ড বুলি অভিহিত কৰে ৷

ইফালে শিলাৰ পৰিয়ালৰ লোকে সোমবাৰে নিশা মাৰপিট কৰাৰ পিছত হত্যা কৰাৰ অভিযোগ কৰে ।ইতিমধ্য়ে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে ।

আনহাতে ঘটনাস্থলীত মানকাচৰ আৰক্ষী, কাৰ্য্যবাহী দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী লৈ প্ৰেৰণ কৰিছে।

অৱশ্যে আৰক্ষীত তদন্তত অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।

লগতে পঢ়ক :Conflict over Land Dispute : এডোখৰ ভূমিক দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট