Local, Vocal, Global

Supected Murder in Dhemaji : পত্নীৰ ৰহস্যজনক মৃত্যু; স্বামী পলাতক

নিউজ ডেস্ক,১জুন : নিকৃষ্ট, অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ(Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ । ৰাজ্যত বোৱাৰী হত্যাৰ ঘটনাই প্ৰায়ে সংবাদ শিৰোৱনাম দখল কৰা পৰিলক্ষিত হয় । কেতিয়াবা যদি যৌতুকজনিত কাৰণত আন কেতিয়াবা আকৌ পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱাই নিৰীহ মহিলাই ।

পুনৰ ৰাজ্যত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। শুকুৰবাৰে ধেমাজি খৱলীয়াতো এগৰাকী বোৱাৰীয়ে আত্মহত্যা কৰা ঘটনা পোহৰলৈ আহিছে । মৃত বোৱাৰীগৰাকী খৱলীয়াৰ ৰমেশ গগৈৰ পত্নী তৰালী কোচ গগৈ বুলি জানিব পৰা গৈছে(Supected Murder in Dhemaji)।

আনহাতে বোৱাৰীগৰাকীৰ মাতৃপক্ষৰ অভিযোগ অনুসৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ অভিযোগ অনুসৰি মৃত বোৱাৰীগৰাকীৰ ওপৰত স্বামী গৃহই বিগত সময়ত বহু অত্যাচাৰ কৰি আহিছিল তৰালীৰ ওপৰত ৷

উল্লেখ্য যে, ১৮ বছৰ নহওঁতেই পলুৱাই আনি বিয়া পাতিছিল তৰালীক। আনকি বাল্য বিবাহ সন্দৰ্ভত আৰক্ষীকো এজাহাৰ দাখিল কৰিছিল তৰালীৰ ২নং ভৰালীচুকৰ মাতৃ পৰিয়ালে।

আনহাতে ঘটনাৰ পিছতে পলায়ন কৰিছে মৃতকৰ স্বামী ৰমেশ গগৈয়ে। উক্ত ঘটনাক লৈ ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

লগতে পঢ়ক : Lok Sabha election phase 7 : আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ;পুৱা ৭বজাৰ আৰম্ভ হৈছে ভোটগ্ৰহণ