Supected Murder in Bilasipara : পত্নীৰ ৰহস্যজনক মৃত্যু; স্বামীয়ে আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ
বিলাসীপাৰা, ১৫ ফেব্ৰুৱাৰী : নিকৃষ্ট, অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ(Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ । ৰাজ্যত বোৱাৰী হত্যাৰ ঘটনাই প্ৰায়ে সংবাদ শিৰোৱনাম দখল কৰা পৰিলক্ষিত হয় । কেতিয়াবা যদি যৌতুকজনিত কাৰণত আন কেতিয়াবা আকৌ পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱাই নিৰীহ মহিলাই ।
পুনৰ ৰাজ্যত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। এইবাৰ বিলাসীপাৰাত সংঘটিত হয় এই ঘটনাটো । বিলাসীপাৰা ছুৱাপাতা দ্বিতীয় খণ্ড গাঁৱত বোৱাৰীৰ মৃত্যুত ৰহস্য । বোৱাৰীৰ ৰহস্যজনক মৃত্যুক হত্যাকাণ্ডৰ অভিযোগ পিতৃ পৰিয়ালৰ। যৌতুকৰ বাবেই হত্যাৰ কৰাৰ অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ । স্বামীয়ে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ ।
জানিব পৰা মতে ৫ মাহ পূৰ্বে বিলাসীপাৰাৰ ছুৱাপাতা দ্বিতীয় খণ্ড গাঁৱৰ আকলিমা খাতুনৰ বিবাহ হৈছিল গোৱালপাৰা জিলাৰ বগুৱান থানাৰ অন্তৰ্গত থেপকাই গাঁৱৰ জিয়াৰুল ইছলামৰ সৈতে। বিবাহৰ পিছৰ পৰাই আকলিমাৰ স্বামী জিয়াৰুল ইছলামে যৌতুক বিচাৰি আকলিমাৰ ওপৰত অমানৱিক নিৰ্যাতন চলোৱাৰ অভিযোগ আকলিমাৰ পিতৃ পৰিয়ালৰ। বিচৰা যৌতুক দিব নোৱাৰাৰ ফলতেই আকলিমা খাতুনক অমানৱিক নিৰ্যাতন চলাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ স্বামী জিয়াৰুল ইছলামৰ বিৰুদ্ধে।
লগতে পঢ়ক : Farmers Protest : তৃতীয়টো দিনটো অব্যাহত আছে দিল্লী চলো যাত্ৰা;নিষিদ্ধ ৩ খন জিলাত ইন্টাৰনেট সেৱা,মোতায়েন পাঁচখনকৈ ড্ৰ’ন