Supected Murder in Bilasipara : বিলাসীপাৰাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু
বিলাসীপাৰা, ৬নৱেম্বৰ : নিকৃষ্ট, অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ(Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ ।
পুনৰ বোৱাৰীৰ মৃত্যুত ৰহস্য । ৰাজ্যত বোৱাৰী হত্যাৰ ঘটনাই প্ৰায়ে সংবাদ শিৰোৱনাম দখল কৰা পৰিলক্ষিত হয় । কেতিয়াবা যদি যৌতুকজনিত কাৰণত আন কেতিয়াবা আকৌ পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱাই নিৰীহ মহিলাই ।
বিলাসীপাৰাৰ বান্ধৱপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । যৌতুকৰ বাবে এগৰাকী বোৱাৰীৰ হত্যাৰ ঘটনাক লৈ সম্প্ৰতি অঞ্চটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
অভিযোগ অনুসৰি , বিলাসীপাৰাৰ বান্ধৱপাৰাত এগৰাকী বোৱাৰীক দীৰ্ঘদিনৰ যৌতুকৰ বাবে শাৰীৰিকৰ আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল ।
জানিব পৰা মতে, বিবাহৰ ৬ মাহৰ পিছৰে পৰা বোৱাৰীগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল লম্পট স্বামী আজিজুল ইছলামে । বহুবাৰ এই বিষয়ক লৈ দুয়ো পৰিয়ালৰ মাজত মীমাংসাত বহিছিল আৰু এই সমস্যা সমাধান কৰিছিল । কিন্তু লাহে লাহে লম্পট স্বামীৰ এই অত্য়াচাৰ বেছি হৈ গৈ থাকে আৰু অৱশেষত পত্নীত হত্যা কৰে বুলি অভিযোগ উত্থাপন কৰে ।
ইফালে লম্পট স্বামী আজিজুল ইছলামে এই ঘটনাৰ পিছতে পলায়ন কৰে । আৰক্ষীয়ে ইতিমধ্য়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
আৰক্ষী বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে(Supected Murder in Bilasipara) ।
লগতে পঢ়ক :Massive Eviction Drive in Goalpara : গোৱালপাৰাৰ লক্ষীপুৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান