Local, Vocal, Global

Supected Murder in Barpeta : পত্নীৰ ৰহস্যজনক মৃত্যু; যৌতুকৰ বাবেই হত্যাৰ অভিযোগ

নিউজ ডেস্ক,১৭ছেপ্তেম্বৰ : নিকৃষ্ট, অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ(Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ । ৰাজ্যত বোৱাৰী হত্যাৰ ঘটনাই প্ৰায়ে সংবাদ শিৰোৱনাম দখল কৰা পৰিলক্ষিত হয় । কেতিয়াবা যদি যৌতুকজনিত কাৰণত আন কেতিয়াবা আকৌ পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱাই নিৰীহ মহিলাই।

পুনৰ ৰাজ্যত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। এইবাৰ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তাৰাকান্দি গাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্য়ু ।

অভিযোগ অনুসৰি, স্বামীয়ে যৌতুকৰ দাবীত পত্নী তথা দুই সন্তানৰ মাতৃৰ ওপৰত দীৰ্ঘদিনৰে পৰা শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে ৷

ঘটনা অনুসৰি,কান্দুলীয়া গাঁৱৰ আব্দুছ ছবুৰৰ জীয়ৰী স্বাহিনুৰ আখটাক ৯ বছৰ পূৰ্বে তাৰাকান্দি গাঁৱৰ আব্দুল মজিদৰ পুত্ৰ মোজ্জাম্মেল হকৰ লগত বিবাহ সম্পন্ন হৈছিল ৷ কিন্তু বিগত এবছৰ ধৰি স্বামী মোজ্জাম্মেল হকৰ লগতে পৰিয়ালৰ লোকে বোৱাৰী শ্বাহিনুৰ আখটাৰক যৌতুকৰ দাবীত অকথ্য নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ তদুপৰি তিনিদিন ধৰি মহিলাগৰাকীৰ ওপৰত মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰিছে পিতৃৰ পৰিয়ালে(Supected Murder in Barpeta)।

ইয়াৰ পিচতে স্বামী গৃহৰ লোকে দুই সন্তানৰ মাতৃ শ্বাহিনুৰ আখটাৰে চীপ লৈ আত্মহত্যা কৰা বুলি পিতৃগৃহত খবৰ দিয়ে । পিছে পিতৃ পৰিয়ালৰ লোকে উক্ত ঘৰত উপস্থিত হৈ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰাৰ লগতে ঘৰখনত এক উত্তপ্ত পৰিস্থিতিত সৃষ্টি কৰে ৷ ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰে ৷ আনহাতে হত্যাৰ অভিযোগত অভিযুক্ত স্বামী মোজ্জাম্মেল হকক আৰক্ষীয়ে থানালৈ লৈ যায়।

লগতে পঢ়ক : Centre to provide commodities at reasonable prices in Manipur : কেন্দ্ৰই মণিপুৰত যোগান ধৰিব উচিত মূল্যত সামগ্ৰী :গৃহমন্ত্ৰী অমিত শ্বাহ