Local, Vocal, Global

Supari seized from Bokakhat : বোকাখাতত আৰক্ষীয়ে জব্দ কৰে বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক

নিউজ ডেস্ক,৪আগষ্ট : বোকাখাতত আৰক্ষীৰ বৃহৎ সফলতা । পুনৰ বোকাখাতত আৰক্ষীয়ে জব্দ কৰে বাৰ্মিজ চুপাৰী ভৰ্তি এখন ১৪চকীয়া বাহন।

প্ৰাপ্ত বাতৰি অনুসৰি, প্ৰায় ৩০০ বস্তা বাৰ্মিজ চুপাৰী ভৰ্তি এখন বাহন গুৱাহাটী অভিমূখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি গৈ থকা অৱস্থাত বোকাখাতৰ পাণবাৰীৰ সমীপত কোনো লোকে গাড়ীখন ৰখায়। ডব্লিউ বি ৬৫ চি ৭১৯১(W B 65 C 7191) নম্বৰৰ গাড়ী খনৰ চালক নবাব ইকবালে গাড়ীৰ দুৱাৰ বন্ধ কৰি গাড়ীৰ ভিতৰত সোমাই থকা অৱস্থাত বোকাখাত আৰক্ষীয়ে গাড়ী খনৰ চালক,হেন্দিমেনসহ গাড়ীখন জব্দ কৰি বোকাখাত আৰক্ষী থানালৈ লৈ আহে। ইতিমধ্যে বোকাখাত আৰক্ষীয়ে বাহনখনৰ চালক আৰু হেন্দিমেনক আটক কৰি Bokakhat P.S. C/No. 86/2024/U.S.61(2)/303(2)/318(4)/336(3)BNS নম্বৰত এক গোচৰ ৰুজু কৰিছে(Supari seized from Bokakhat )।

গুৱাহাটী অভিমূখে গৈ থকা চুপাৰি ভৰ্ত্তি গাড়ী খনক বোকাখাতৰ পৰা ৪-৫জনীয়া এটা দলে ৰহস্যজনভাৱে অনুসৰণ কৰি গাড়ীখন ৰখাবলৈ বাধ্য কৰে। অৱশ্যে আৰক্ষী গৈ পোৱাৰ পূৰ্বেই আঁতৰি যায় দলটো।

লগতে পঢ়ক : Road Accident in Kaziranga : কাজিৰঙাৰ দুৰ্গাপুৰত বাছসহ দুৰ্ঘটনাগ্ৰস্ত হয় তিনিখন বাহন