WATCH | Sunita Williams Returns : ঐতিহাসিক ক্ষণ! পৃথিৱীত অৱতৰণ সুনীতা, বেৰীসহ ৪ গৰাকী মহাকাশচাৰীৰ

নিউজ ডেস্ক, ১৯মাৰ্চ : অৱশেষত অন্ত পৰিল অপেক্ষাৰ। ধৰাপৃষ্ঠত অৱতৰণ মহাকাশচাৰী সুনীতা উইলিয়ামছসহ ৪ মহাকাশচাৰী। ফ্লৰিডাৰ টালহাছি উপকূলত অৱতৰণ স্পেচ এক্স কেপচুল(Sunita Williams Returns)।
মহাকাশত প্ৰায় ৯ মাহ কাল কটোৱাৰ পিছত পুৱতি নিশা প্ৰায় ৩:২৭ বজাত ফ্লোৰিডাৰ সমুদ্ৰ পৃষ্ঠত স্প্লেছডাউন বা অৱতৰণ কৰিলে ইলন মাস্কৰ SpaceXৰ Dragon।
মঙলবাৰে পুৱা ৮:১৫ বজাত বন্ধ কৰা হৈছিল SpaceX ড্ৰেগন মহাকাশযানৰ দুৱাৰ। তাৰ পিছতে আৰম্ভ হৈছিল আন্তৰ্জাতিক মহাকাশ আস্থানৰ সৈতে SpaceX ড্ৰেগনৰ আনডকিং বা বিচ্ছিন্নকৰণ প্ৰক্ৰিয়া।
ভাৰতীয় সময় অনুসৰি মঙলবাৰে ১০ বাজি ৩৫ মিনিটত কৰা হৈছিল আনডকিং, অৰ্থাৎ SpaceX ড্ৰেগনৰ সৈতে আন্তাৰ্জাতিক মহাকাশ আস্থানৰ সংযোগ বিচ্ছিন্ন কৰা হৈছিল।
ভাৰতীয় সময় অনুসৰি ১৮ মাৰ্চৰ পুৱা ১০ বাজি ৩৫ মিনিটত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) এৰিছিল SpaceXৰ Dragon যানে। এই যানখনত আছে সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী নভোচৰ বাচ্চ উইলম’ৰ।
লগতে পঢ়ক : WATCH | Chapar News : বিলাসী বাহনেৰে ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত ছাগলী চুৰি কৰা বাহন