Local, Vocal, Global

গ্ৰীষ্মকালীন বন্ধ ২৫ দিনলৈ হ্ৰাস

নিউজ ডেস্ক, ২৪ জুন : অসমৰ শিক্ষা মন্ত্ৰী ড০ ৰানোজ পেগুৱে শুকুৰবাৰে জনাইছে যে বিভাগটোৱে গ্ৰীষ্মকালীন বন্ধৰ দিনৰ সংখ্যা হ্ৰাস কৰাৰ ওপৰত চিন্তা-চৰ্চা কৰি আছে।

পেগুৱে আজি জানিব দিছে যে আগন্তুক বছৰৰ পৰা ৰাজ্যখনত গ্ৰীষ্মকালীন বন্ধ ২৫ দিনলৈ হ্ৰাস কৰা হ’ব।

তদুপৰি, শিক্ষা মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে অসমৰ নখন জিলাত চৰকাৰৰ গুনোৎসৱ স্থগিত ৰখা হৈছে।

ইফালে, তেওঁ লগতে জানিবলৈ দিয়ে যে ৰাজ্যখনত বান পানী আৰু ভূমিস্খলনৰ ফলত হোৱা ধ্বংসৰ কথা মনত ৰাখি অসমত ৩ জুলাইত অনুষ্ঠিত হ’বলগীয়া উমৈহতীয়া প্ৰৱেশ পৰীক্ষা (CEE) ৩১ জুলাইলৈ পিছুৱাই দিয়া হ’ব।

গ্ৰীষ্মকালীন বন্ধৰ সময়ত শ্ৰেণী অনুষ্ঠিত হ’ব লগীয়া অসমৰ জিলাসমূহ হৈছে গোলাঘাট, চিৰাং আৰু তিনিচুকীয়া।

পেগুয়ে জনায় যে ৰাজ্যখনত বানপানীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে, ।