Local, Vocal, Global

আত্মহত্যা নে পৰিকল্পিত হত্যা

নিউজ ডেস্ক, ৪ জুন : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বোৱাৰীৰ ওপৰত নিৰ্যাতন।

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰীগ্ৰাম ষষ্ট খণ্ড গাঁৱত সাত মহীয়া পুত্ৰ সন্তানৰ মাতৃৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

স্বামীৰ পৰিয়ালে জানিব দিয়ে যে মহিলাগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰিছে । আনহাতে মৃত্যুৰ খৱৰ লাভ কৰি মৃত মহিলাৰ গৰাকীৰ আত্মীয়ই এয়া পৰিকল্পিত হত্যা বুলি দাবী কৰে।

মহিলাৰ গৰাকীৰ আত্মীয়ই দীৰ্ঘদিন ধৰি যৌতুক বিচাৰি মহিলা গৰাকীক স্বামী আব্দুল ৰহমানে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

ঘটনা সংক্ৰান্তত মৃত মহিলাৰ গৰাকীৰ আত্মীয়ই শালকোচা উপ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।

পৰৱৰ্তী সময়ত শালকোচা আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

সম্প্ৰতি, মহিলাগৰাকীৰ স্বামী আব্দুল ৰহমানক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে।

অৱশ্যে, মৰণোত্তৰ পৰীক্ষাৰ পিছত হে ওলাব মৃত্যুৰ প্ৰকৃত কাৰণ।