গুৱাহাটীৰ যোৰাবাটস্থিত NECHRI ত ৰোগীৰ আত্মহত্যা
নিউজ ডেস্ক, ৩ জুন : গুৱাহাটীৰ যোৰাবাটৰ নৰ্থ ইষ্ট কেন্সাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটত (NECHRI) এজন কৰ্কট ৰোগীয়ে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।
বাতৰি অনুসৰি,চিকিৎসালয়ৰ ২০১ নং কোঠাৰ ৰোগীজনক চিলিং ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছিল। ৰোগীজনে চিকিৎসালয়ৰ সাধাৰণ ৱাৰ্ডৰ পৰা ওলাই আহি ২০১ নং কোঠাত আত্মহত্যা কৰে।
ৰোগীজনক লখিমপুৰৰ পদ্ম চেত্ৰী বুলি চিনাক্ত কৰা হৈছে।
পৰৱৰ্তী সময়ত যোৰাবাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।