WATCH | Sudhanshu Trivedi : অসমক চৰম অপমান কৰিলে বিজেপিৰ সাসংদ সুধাংশু ত্ৰিবেদীয়ে
নিউজ ডেস্ক,২২মাৰ্চ : অসমক চৰম অপমান কৰিলে বিজেপিৰ সাসংদ সুধাংশু ত্ৰিবেদীয়ে । ধুবুৰীবাসীক চৰম অপমান কৰিলে বিজেপি নেতাই ।
ধুবুৰী জিলাক মিনি বাংলাদেশ আখ্যা বিজেপি সাসংদৰ(Sudhanshu Trivedi)।
এইগৰাকী নেতাক আপুনি চিনি পাইছে নে । সততে চৰ্চাত থাকিবলৈ ভিন্ন সময়ত এনেধৰনৰ বিতৰ্কিত মন্তব্য কৰা দেখা পোৱা যায়। শেহতীয়াকৈ NRC প্ৰসংগত ভাৰতৰ এখন ৰাজ্য,যিখন ৰাজ্যক দেশৰ শীৰ্ষস্থানত লৈ যোৱাৰ কাৰণে অসমৰ বিজেপি চৰকাৰে দিন ৰাতি প্ৰয়াস কৰি আছে। তেনে সময়তে একেখন দলৰ নেতাই অসম ৰাজ্যৰ এখন জিলাক মিনি বাংলাদেশ বুলি কৈ চৰম অপমান কৰিলে।সাংসদ সুধাংশু ত্ৰিবেদীয়ে সংসদত কংগ্ৰেছ ৰকিবুল হুছেইনে বৃহত ভোটত জয় লাভ কৰা ধুবুৰীবাসীক ককৰ্থনা কৰি কয়
অসমৰ ধুবুৰী হৈছে মিনি বাংলাদেশ ।
সাংসদ গৰাকীৰ এনে চৰন অপমান সুচক মন্তব্যৰ পাছতেই সমগ্ৰ অসমবাসী লজ্জানত হৈছে। শুক্ৰবাৰে অসম বিধানসভাৰ মজিয়াত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বিজেপি সাংসদ গৰাকীৰ বিৰুদ্ধে বিধানসভাত ভৰ্ৎসনা প্ৰস্তাৱ,গৰিহণাৰ প্ৰস্তাৱ ল’ব লাগে বুলি দাবী উত্থাপন কৰে ৷“ধুবুৰী জিলাখন না পাকিস্তানৰ অন্তৰ্ভুক্ত আছিল, না বাংলাদেশৰ অন্তৰ্ভুক্ত আছিল কেতিয়াবা । ধুবুৰীত বহুতো স্বাধীনতা সংগ্ৰামী আছিল । । গতিকে সুধাংশু ত্ৰিবেদীৰ এই মন্তব্যৰ বিৰোধিতা কৰি বিধানসভাৰ তৰফৰ পৰা প্ৰস্তাৱ ল’ব লাগে আৰু লোকসভাকো জনাব লাগে যাতে তেখেতক ভৰ্ৎসনা জনোৱা হয় ।
ইফালে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে বিজেপিৰ সাসংদ সুধাংশু ত্ৰিবেদীক নিম্ন মানৰ জ্ঞান নথকা বাবেই এনে মন্তব্য কৰি কৰা বুলি কয়। সুধাংশু ত্ৰিবেদী নিজেও এজন বাংলাদেশী হয় বুলিও কয় ।
লগতে পঢ়ক : WATCH | Rupjyoti Kurmi : অখিল গগৈ মই আপোনাৰ ওচৰলৈ গৈ মাইক ভাঙি দিম। অই ফটুৱা তহঁতে কিয় কথা ক’বি…!’