Local, Vocal, Global

হঠাতে হেৰাই গ’ল এটি প্ৰতিভা! কাৰ ভুলৰ বাবে হেৰাই গ’ল তেজস্বিতা?

নিউজ ডেস্ক: ৰাজ্যত মৃত্যু এতিয়া সহজ৷ সাধাৰণ ৰোগত আক্ৰান্ত হ’লেও উপযুক্ত চিকিৎসা নাপাই আপুনি মৃত্যুৰ শীতল কোলাত শুই যাবলগীয়া হ’ব পাৰে৷ কিয়নো ৰাজ্যৰ চৰকাৰী হাস্পতালত নাই বহু কিবা কিবি৷ যিকোনো মুহূৰ্তত আপোনাৰ সৈতে সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা৷ এদিন পূৰ্বে মাজুলীত এগৰাকী প্ৰতিভাবান কিশোৰীৰ সৈতে তেনেই এক অঘটন সংঘটিত হ’ল৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিত নামঘৰত বৰগীতৰ অনুষ্ঠান আয়োজিত হয়৷ এই অনুষ্ঠানতে বৰগীত পৰিবেশন কৰে মাজুলীৰ প্ৰতিভাবান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাই৷ তেজস্বিতা হঠাতে ঢলি পৰে৷ তেজস্বিতাক ততাতৈয়াকৈ নিয়া হয় গড়মূৰ চিকিৎসালয়লৈ৷ কিন্তু হাস্পতালৰ ICUত নাই অক্সিজেন৷ অক্সিজেনৰ অভাৱতে প্ৰতিভাবান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাই মৃত্যুক আকোৱালি লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ১৪ বছৰীয়া কণ্ঠশিল্পীগৰাকীৰ এনে মৃত্যুত ৰাজ্যত শোকৰ ছাঁ পৰাৰ উপৰি মাজুলী তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষোভৰ উদগীৰণ হৈছে৷ চৰকাৰী ব্যৱস্থাক লৈ বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিছে?

মাজুলীৰ বিধায়ক সৰ্বানন্দ আছিল ৫বছৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল সুদীৰ্ঘ কালৰ স্বাস্থ্যমন্ত্ৰী৷ মাজুলীৰ বৰ্তমানৰ বিধায়ক ভূৱন গাম শাসকীয় দলৰে বিধায়ক৷ মাজুলীক বিশেষ গুৰুত্ব প্ৰদানৰ চিন স্বৰূপে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকো অনুষ্ঠিত হৈছিল মাজুলীত৷ গড়মূৰৰ চিকিৎসালয়খন এখন জিলা পৰ্যায়ৰ চিকিৎসালয়৷ কিন্তু তাত নাই চিকিৎসাৰ অত্যাৱশ্যকীয় উপকৰণ৷ মাজুলীৰ উন্নয়ন মাজুলী প্ৰেম যে কেৱল এক ৰাজনীতিৰহে বিষয় সেয়া পুনৰবাৰ প্ৰতিপন্ন হ’ল৷

এটা বছৰ পূৰ্বে মাজুলীত নাও দুৰ্ঘটনাত তিনিগৰাকী লোকে হেৰুৱাইছিল প্ৰাণ৷ অধ্যাপিকা, চিকিৎসকসহ তিনিগৰাকী লোকে হেৰুৱাইছিল প্ৰাণ৷ কাৰণ আছিল এখন দলঙৰ অভাৱ৷ মাজুলীবাসীক এখন দলং দিয়াৰ প্ৰতিশ্ৰুতি ৰক্ষাত পলম হৈ গৈয়ে আছে৷ দুবৰাকৈ আধাৰশিলা স্থাপন কৰা হ’হ যোৰহাট-মাজুলী সংযোগী দলংখনৰ৷ দলঙৰ অভাৱতে নাও-ফেৰীৰে যাত্ৰা কৰিবলৈ বাধ্য প্ৰতিজন লোক৷ নাও দুৰ্ঘটনাত পতিত হৈয়ে দুই সম্পদ এগৰাকী অধ্যাপিকা আৰু এগৰাকী চিকিৎসকে বিগত বৰ্ষত প্ৰাণ হেৰুৱাইছিল৷ নাও দুৰ্ঘটনাক লৈ তদন্ত ঘোষণা কৰা হ’ল৷ কিন্তু তদন্তত কি ওলাল কোনেও নাজানে৷ এতিয়া আকৌ তেজস্বিতা বৰুৱাৰ মৃত্যুৰ বাবে মাজুলীৰ গড়মূৰ চিকিৎসালয়ৰ অধীক্ষক অমূল্য গোস্বামীক নিলম্বন কৰা হৈছে৷ তদন্ত সমিতি গঠন কৰা হৈছে৷ কিন্তু এই তদন্তৰ ফলাফল কি ওলাই সেয়াও হয়তো ৰাইজে নাজানিব৷ তদন্তৰ দ্বাৰা কি হ’ব সেয়া ৰাইজে বুজি উঠিছে৷ তেজস্বিতাৰ মৃত্যুৱে পুনৰ প্ৰমাণ কৰিলে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফোপোল স্বৰূপ৷