জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টিক বিকৃত কৰাৰ বিৰুদ্ধে স্বাক্ষৰ দিলে সুদক্ষিণা শৰ্মাই
জ্যোতি প্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টিক বিকৃত কৰাৰ বিৰুদ্ধে স্বাক্ষৰ দিলে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভগ্নী শিল্পী সুদক্ষিণা শৰ্মাই৷ নৰিয়া পাটীৰ পৰাই লভিতাক বিকৃত কৰাৰ বিৰুদ্ধে স্বাক্ষৰ দিলে শিল্পী সুদক্ষিণা শৰ্মাই। জীৱন শিল্পী জ্যোতিপ্ৰসাদৰ কালজয়ী নাটক ‘লভিতা’ক অভিজিৎ ভট্টাচাৰ্যই বিকৃত কৰা আৰু প্ৰস্তুতি পৰাশৰে আবাহন থিয়েটাৰত বলপূৰ্বক ভাবে মঞ্চস্থ কৰাৰ বিৰুদ্ধে আজিৰে পৰা ভাৰতীয় গণনাট্য সংঘৰই আৰম্ভ কৰিছে গণস্বাক্ষৰ অভিযান। আজি বেদনাদায়ক ভাবে নৰিয়া দেহাৰে শিল্পী সুদক্ষিনা শৰ্মা, জ্যোতিপ্ৰসাদৰ জীয়ৰী জ্ঞানশ্ৰী আগৰৱালা পাঠক আৰু অসমৰ বুদ্ধিজীৱি হীৰেন গোহাঁয়ে ভাৰতীয় গণনাট্য সংঘক স্বাক্ষৰ দিয়ে৷ আজিৰে পৰা অসমৰ স্বাক্ষৰ সংগ্ৰহৰ দ্বাৰা ৰাইজক অভিযানত নামি পৰিবলৈ ভাৰতীয় গণনাট্য সংঘই আহ্বান জনাইছে। নিজ নিজ জিলাত গঢ়ি তোলা সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি দিব লগা স্মাৰক পত্ৰৰ লগত স্বাক্ষৰসমূহ গাঠি দিব আৰু ভাৰতীয় গণনাট্য সংঘই ৰাজ্যিক সমিতিলৈ প্ৰতিলিপি প্ৰেৰণ কৰিব। প্ৰতিলিপি প্ৰেৰণ কৰিবলৈ সোনেশ্বৰ নৰহ, ৱাৰ্ড নং ১, বোকাখাত, জিলা-গোলাঘাটত ২২ অক্টোবৰৰ ভিতৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাই গণনাট্য সংঘই। জিলা সমূহৰ কাৰ্যসূচীৰ অন্তত গুৱাহাটীত বিশিষ্ট নাগৰিক সভা, সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী কৰিব ভাৰতীয় গণনাট্য সংঘই।