Local, Vocal, Global

বৰাকত আৰক্ষীৰ সফল অভিযান, ৪৫ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

আজি বৰাকত আৰক্ষীয়ে অভিযান চলাই এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৯.৫ কেজি হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে৷ বৰাকৰ কৰিমগঞ্জ আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ সফলতা লাভ কৰিছে৷ অসমত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি থকাৰ সময়তে বৰাক আৰক্ষীয়ে আটাইতকৈ ডাঙৰ সফলতা লাভ কৰা বুলি ক’ব পাৰি। কৰিমগঞ্জত ৪০ কোটি টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে। ৭৬৪টা চাবোন ডিচপেন্সাৰত ড্ৰাগছ অনা হৈছিল। জব্দ কৰা হেৰ’ইনৰ ওজন ৯ কিলোগ্ৰামতকৈও অধিক। আৰক্ষীয়ে মিজোৰামৰ পৰা অহা চিমেণ্ট নিযুক্তি ট্ৰাকৰ পৰা এই ড্ৰাগছবোৰ উদ্ধাৰ কৰিছে। ড্ৰাগছবোৰ ট্ৰাকত এটা গোপন বাকচত অনা হৈছিল। ড্ৰাগছখিনি মিজোৰামৰ পৰা ত্ৰিপুৰালৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে ট্ৰাক চালক মুহিব উদ্দিনক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে মুহিব উদ্দিন কানাই বজাৰৰ বাসিন্দা।