Local, Vocal, Global

Subhas Chandra Bose Jayanti 2025: আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জয়ন্তী

ধিং,২৩জানুৱাৰী : আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জয়ন্তী।ধিঙত নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন।

নগাঁও জিলাৰ ধিঙত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ তম জন্ম জয়ন্তী ধিং স্থিত নেতাজী সুভাষ সংঘত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ।

কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন কৰে ধিং পৌৰ সভাৰ পৌৰপতি সুশান্ত দেৱ নাথে, নেতাজী প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে ধিং থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া প্ৰজ্ঞান গগৈয়ে ,নেতাজী সুভাষ সংঘৰ সভাপতি সন্দীপ কুড়ী আৰু উপস্থিত বিশিষ্ট ব্যক্তি সকলে(Subhas Chandra Bose Jayanti 2025)।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ধিং ৰাজহ চক্রৰ চক্র বিষয়া সৌৰভ কুমাৰ দাসে, নেতাজী সুভাষ সংঘৰ পতাকা উত্তোলন কৰে ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জিত দেৱ নাথে আৰু সদৌ অসম বাঙলী যুৱ পৰিষদৰ পতাকা উত্তোলন কৰে নেতাজী সুভাষ সংঘৰ তথা আঞ্চলিক সম্পাদক ৰাণা মোদকে।

তৃপ্তি দেৱ নাথৰ পৰিচালনাত আৰু কিশলয় সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সহযোগত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় । অনুষ্ঠানটি সঞ্চালনা কৰে ধিং শংকৰ দেৱ নিকেতনৰ প্ৰধানাচাৰ্য সঞ্জীৱ দাসে।

লগতে পঢ়ক :Subhas Chandra Bose Jayanti 2025: সোণাৰিত নেতাজীৰ জন্মজয়ন্তী পালন