Local, Vocal, Global

পূজাত সমনীয়াৰে স্ফূৰ্তিৰ অন্তত চাইকেলেৰে ঘৰলৈ আহি থকা ছাত্ৰ কিশোৰৰ মৃত্যু

নিউজ ডেস্ক: ছিপাঝাৰত ভয়ানক পথ দুৰ্ঘটনাত এগৰাকী ছাত্ৰৰ মৃত্যুৰ ঘটনাই শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে৷ শাৰদীয় দুৰ্গাপূজাৰ আনন্দ উল্লাসৰ মাজতে ছিপাঝাৰত নিশা সংঘটিত ভয়ানক পথ দুৰ্ঘটনা ছাত্ৰ নিহত হয়৷

ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত দুমুনিচকী-কুৰুৱা পথৰ হেটামতোলা গাঁৱত সংঘটিত দুৰ্ঘটনাত কিশোৰ চহৰীয়াৰ মৃত্যু৷ মঙ্গলবাৰে নিশা ১ বজাত গণেশকুঁৱৰীত পূজা চাই চাইকেলেৰে ঘৰলৈ উভতিছিল চহৰীয়াপাৰাৰ যুৱক কিশোৰ চহৰীয়া।

সমুখৰ পৰা অহা উদণ্ড বাইক আৰোহীৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰজন। GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কিশোৰ চহৰীয়াৰ। প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্ঘটনা সংঘটিত কৰা বাইকখনত উঠি আহিছিল তিনিজনকৈ যুৱক।

কুৰুৱা অভিমুখী AS-01-AL-1545 পালছাৰ বাইকে প্ৰচণ্ড জোৰৰে খুন্দয়াই। ফলত গুৰুতৰভাৱে মূৰ আৰু মুখত আঘাত পায় কিশোৰে। নিশা সুৰাপান কৰি অহা যুৱকে এই ঘটনা সংঘটিত কৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। সুৰীয়া কণ্ঠৰ অধিকাৰী, বিহুৱা হিচাপে পৰিচিত যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।