Local, Vocal, Global

Student suicide : মহানগৰীৰ গাৰ্লছ হোষ্টেলত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক,২২জুলাই : আত্মহত্যা জানো শেষ উপায় । প্ৰায় প্ৰতিদিনেই আমি আত্মহত্যাৰ খবৰৰ শুনিবলৈ পাঁও। কোনোবাই যদি পঢ়াৰ চাপ, কোনোবাই প্ৰেমজনিত কাৰণ বা অন্য কাৰণত পৰি এই চৰম পন্থা বাছি লোৱা দেখা যায়। পুনৰ ছাত্ৰৰ আত্মহত্যা(Student suicide)।

পুনৰ মহানগৰীৰ গাৰ্লছ হোষ্টেলত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু ।মহানগৰীৰ এইবাৰ পানীখাইতিত এগৰাকীয়ে ছাত্ৰীয়ে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত। পানীখাইতিৰ এটা ব্যক্তিগত হোষ্টেলৰ বাথৰুমত চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে ছাত্ৰী গৰাকীয়ে।

দেওবাৰে নিশা হোষ্টেলৰ বাথৰুমত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰে ছাত্ৰীগৰাকীৰ মৃতদেহ। মৃত ছাত্ৰীগৰাকী পানীখাইতিস্থিত প্ৰতীক্ষা নাৰ্ছিং ইনষ্টিটিউটৰ GNMৰ দ্বিতীয় বর্ষত অধ্যায়ন কৰি আছিল। মৃত ছাত্ৰীগৰাকীৰ ঘৰ চুবুৰী মিজোৰামত।

কিন্তু কিয় মেধাৱী ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ অধিক তদন্তৰ পিছতে পোহৰলৈ আহিব ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱাৰ কাৰণ।

লগতে পঢ়ক : Parliament Budget Session : আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন