student missing in Rangia : ৰঙিয়াৰ বি এড কলেজৰ ছাত্ৰ নিৰুদ্দেশ
ৰঙিয়া,২২মে’ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য( student missing in Rangia)।
এইবাৰ ৰঙিয়াৰ বি এড কলেজৰ ছাত্ৰ নিৰুদ্দেশ । সন্ধানহীন ছাত্ৰগৰাকী বিতোপন ৰাজবংশী বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি ২০ মে’ত ৰঙিয়া বি এড কলেজৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ বিতোপন ৰাজবংশীয়ে কলেজলৈ বুলি পুৱা ওলাই যায়।তাৰ পিছৰে সন্ধানহীন হয় ছাত্ৰজন । ইতিমধ্যে ছাত্ৰজনৰ বাইকখন বগামাটিত উদ্ধাৰ কৰা হৈছে যদিও ছাত্ৰজনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালে। ইফালে মঙলবাৰৰ পৰা সকলোতে বিচাৰ খোচাৰ কৰি সন্ধান নোপোৱাত গোৰেশ্বৰ আৰক্ষী থানাত এজাহাৰ দিয়ে পৰিয়ালৰ লোকে।
উল্লেখ্য যে, শিঙিমাৰী হাইস্কুলৰ সহ শিক্ষক মহিন ৰাজবংশীৰ একমাত্ৰ পুত্ৰ সন্তান বিতোপন ৰাজবংশী। ভদ্ৰ আৰু অমায়িক ছাত্ৰজনৰ ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়ালৰ লগতে শিঙিমাৰী গাঁওবাসীক। ছাত্ৰজন ৫ ফুট উচ্চতাৰ পিন্ধনত বগা চাৰ্ট আৰু মটীয়া ৰঙৰ লংপেন্ট পৰিহিত। কোনো লোকে কিবা সম্ভেদ লাভ কৰিলে ৯১০১৪-২৯৯৯০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়( student missing in Rangia) ।
লগতে পঢ়ক: Sri Lanka Keen To Join BRICS : ব্ৰিকছত যোগদানৰ ইচ্ছা প্ৰকাশ শ্ৰীলংকাৰ