Local, Vocal, Global

WATCH | Student missing in Goalpara : গোৱালপাৰাৰ দুধনৈ নৈত কিশোৰ সন্ধানহীন;বন্ধুৰ সৈতে মাছ মাৰিবলৈ গৈ নিৰুদ্দেশ কিশোৰজন

গোৱালপাৰা,২১মে’ : গোৱালপাৰাৰ দুধনৈ নৈত অঘটন । মাছ মাৰিবলৈ গৈ সন্ধানহীন দশম শ্ৰেণীৰ ছাত্ৰ। মঙলবাৰে বিয়লি মাছ ধৰিবলৈ গৈ বৰ্তমানলৈ সন্ধানহীন মেধাবী ছাত্ৰজন। সন্ধানহীন ছাত্ৰ জন মাটিয়া থানাৰ অন্তৰ্গত গাৰোপাৰাৰ মিকছেং কে মাৰাকৰ পুত্ৰ ক্ৰছফিল্ড চাংমা বুলি জনা গৈছে(Student missing in Goalpara)।

জানিব পৰা অনুসৰি, দুধনৈ নৈত কেইবাজন লগৰীয়াৰ সৈতে মাছ মাৰিবলৈ গৈছিল ছাত্ৰজন, সন্ধিয়াৰ সময়ত সাঁতুৰি নৈ পাৰ হৈ ঘৰলৈ আহি থকা অৱস্থাত নৈৰ বুকুত নিৰুদ্দেশ হৈ পৰে। সমগ্ৰ ঘটনা লগৰীয়া সকলে প্ৰত্যক্ষ কৰে আৰু সন্ধানহীন ক্ৰছফিল্ড চাংমাক বচাবলৈ বহু চেষ্টা কৰে যদিও পানীৰ গভীৰতাৰ বাবে উদ্ধাৰ কৰিবলৈ অসমৰ্থ হৈ পৰে, হঠাৎ দুধনৈ নৈৰ পানী ফেনে ফুটুকাৰে হোৰাহৰে বৃদ্ধি পোৱাৰ বাবে এই দুৰ্ভাগ্য জনক ঘটনাটো সংঘটিত হয়। সন্ধানহীন ক্ৰছফিল্ড চাংমা আছিল S T Sebastian’s School, মাটিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰ। ঘটনাৰ পিছতে SDRF বাহিনীৰ দলে বৰ্তমানলৈ উদ্ধাৰ কাৰ্য্য চলাই আছে যদিও বৰ্তমানলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ক্ৰছফিল্ড চাংমাক।

লগতে পঢ়ক : WATCH | International Tea Day : ডুমডুমাত আন্তৰ্জাতিক চাহ দিৱস উদযাপন