WATCH | Student missing for 9 days from Charaideor: চৰাইদেউত ৯ দিন ধৰি সন্ধানহীন দুই শিশু
সোণাৰি,৩এপ্ৰিল : চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত গৰীয়াচিগা গাওঁৰ পৰা ৯ দিন ধৰি সন্ধানহীন হৈ আছে দুই শিশু। কঠিয়াখুন্দা গাওঁৰ বৰটাকৰ ঘৰলৈ বুলি ফুৰিবলৈ যোৱা লক্ষ্মী মুণ্ডা (১২)আৰু বিতু মুণ্ডা (১০) এ ২৪ এপ্ৰিলৰ দিনা গৰীয়াচিগাৰ ঘৰলৈ বুলি উভতি অহাৰ পথৰ পৰাই সন্ধানহীন হৈ আছে(Student missing for 9 days from Charaideor)।
সম্পৰ্কত বায়েক আৰু ভায়েক লক্ষ্মী মুণ্ডা আৰু বিটু মুণ্ডা। কোনো দুষ্ট চক্ৰৰ হাতত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পিতৃ মাতৃয়ে। কোনো লোকে শিশু দুটিৰ সন্ধান লাভ কৰিলে ৮০১১৯৪৫২২১ নম্বৰত যোগাযোগৰ বাবে আহ্বান জনাই পৰিয়ালৰ লোকে।
লগতে পঢ়ক :WATCH | Panchayat Election: গোৰেশ্বৰত কংগ্ৰেছৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ