Local, Vocal, Global

Student missing for 5 days from Silapathar: চিলাপথাৰত ৫ টা দিনে সন্ধানহীন কলেজীয়া ছাত্ৰ

ধেমাজি,১৬ফেব্ৰুৱাৰী : চিলাপথাৰত ৫ টা দিনে সন্ধানহীন কলেজীয়া ছাত্ৰ।

চিলাপথাৰৰ ২ নং মাজগাৱঁৰ ৰমেশ ৰয়ৰ পুত্ৰ ভাস্কৰ জ্যোতি ৰয় নামৰ কলেজীয়া ছাত্ৰ গৰাকী বিগত ৫ টা দিনে নিৰুদ্দেশ হৈ আছে।

চিলাপথাৰ পূৰ্বাঞ্চল কলেজৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ ভাস্কৰে ১০ ফ্ৰেব্ৰুৱাৰীত নিজৰ পৰীক্ষাৰ ৰিজাল্ট চাবলৈ ঘৰৰ পৰা পুৱা ৭ বজাত ওলাই যায় কলেজলৈ বুলি। আৰু তেতিয়াৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন।

পৰিয়ালৰ লোকে বিভিন্ন প্ৰান্তত খবৰ কৰিছে যদিও ছাত্ৰ জনৰ বৰ্তমানেও পোৱা নাই কোনো শুংসুত্ৰ(Student missing for 5 days from Silapathar)।

ইতিমধ্যেই চিলাপথাৰ থানাত নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালে দিছে জাননী।

ছাত্ৰজনক কোনো লোকে দেখা পালে পৰিয়ালৰ 8638762254 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

লগতে পঢ়ক:Dhemaji News: আলি আঃয়ে লৃগাঙক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান